বর্ষশ্রেষ্ঠ হকী ইণ্ডিয়া খেলুৱৈ হার্দিক-নৱনীত

dainik janambhumi March 28, 2026

ডিজিটেল ডেস্ক : পুৰুষ আৰু মহিলাৰ শাখাত ক্রমে হকী ইণ্ডিয়াৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তাৰকা মিডফিল্ডাৰ হার্দিক সিং আৰু ষ্ট্ৰাইকাৰ নৱনীত কৌৰে। যোৱা বছৰত উৎকৃষ্ট প্রদর্শন দাঙি ধৰা খেলুৱৈসকলক কালি  ইয়াত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সন্মানিত কৰা হয়। সেই অনুসৰি হার্দিক আৰু নৱনীতক ২০২৫ চনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে মর্যদাপূর্ণ বলবীৰ সিং ছিনিয়ৰ বঁটাৰে বিভূষিত কৰা হয়, য'ত ২০ লাখ টকাকৈ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। 

ইফালে, ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা ১৯৮০ চনৰ মস্কো অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী দলৰ অন্যতম সদস্য জাফৰ ইকবালক মেজৰ ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। ১৯৮২ চনৰ চেম্পিয়নছ ট্রফীত ব্ৰঞ্জৰ পদকৰ লগতে ১৯৭৮ আৰু ১৯৮২ চনত এছিয়ান গেমছতো দুটা ৰূপৰ পদক লাভ কৰা ইকবালক ভাৰতীয় হকীলৈ আগবঢ়োৱা অৱদানৰ বাবে ২৫ লাখ টকাৰ নগদ ধনেৰে সন্মানিত কৰা হয়। 

আনহাতে, বছৰৰ শ্ৰেষ্ঠ গ'লৰক্ষক বলজিৰ সিং বঁটা মহিলা দলৰ বিচু দেৱী খাৰিবামে লাভ কৰাৰ বিপৰীতে বছৰৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বাবে পাৰ্গত সিং বঁটা পায় সঞ্জয়ে। দুয়োটা বঁটাতে ৫ লাখ টকাকৈ নগদ ধন আগবঢ়োৱা হয়। হকী ইণ্ডিয়াৰ বছৰৰ শ্ৰেষ্ঠ মিডফিল্ডাৰৰ অজিত পাল সিং বঁটা সঞ্জয়ে লাভ কৰাৰ বিপৰীতে বছৰৰ শ্রেষ্ঠ ফৰৱাৰ্ডৰ নিৰাজ পিল্লাই বঁটা গ্রহণ কৰে সোমজিৎ সিঙে। দুয়োগৰাকী খেলুৱৈয়ে ৫ লাখ টকাকৈ লাভ কৰে।

Share This