ডিজিটেল ডেস্ক: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আজি ইয়াত খিতাপ পুনৰ নিজৰ হাতত অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে আই পি এলৰ ফাইনেলত গুজৰাট টাইটানছক প্রত্যাহ্বান জনাব। ৰজত পাটিদাৰৰ নেতৃত্বত বেংগালুৰুৱে এইবাৰৰ আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰিছে।
আজিৰ মেচখনৰ ফল বহু পৰিমাণে নিৰ্ভৰ কৰিব বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰ, বিৰাট কোহলী আৰু ক্রুণাল পাণ্ডিয়াৰ প্ৰদৰ্শনৰ ওপৰত। অৱশ্যে কোহলীয়ে অকলেই মেচত দলক জয়ী কৰোৱাৰ ক্ষমতা আছে। ইয়াৰ বিপৰীতে গুজৰাটে ঘাইকৈ নিৰ্ভৰ কৰিব অধিনায়ক শুভমন গীলৰ প্ৰদৰ্শনৰ ওপৰত। তেওঁ আৰু সাই সুদর্শনে আৰম্ভণি সুন্দৰ কৰিলে বেংগালুৰুৰ বাবে তীব্র প্রত্যাহবানৰ সৃষ্টি কৰিব পাৰে। বেংগালুৰুৱে লীগ পৰ্যায়ত ১৪খন মেচৰ ৯খনত জয়ী হয় আৰু পইণ্টৰ তালিকাত প্রথম স্থান লাভ কৰি কোৱালিফায়াৰ-১ত স্থান নিশ্চিত কৰে। কোৱালিফায়াৰ-১ বেংগালুৰুৱে গুজৰাটক পৰাজিত কৰি ফাইনেলত উপনীত হয়।
আনহাতে গুজৰাটেও লীগ পর্যায়ত ১৪খন মেচৰ ৯খনত জয়ী হৈ পইণ্টৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে। কোৱালিফায়াৰ-১ত বেংগালুৰুৰ হাতত পৰাজিত হোৱাৰ পাছত শুকুৰবাৰে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক সহজে পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইফালে ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়ামৰ নিৰাপত্তাৰ দায়িত্বত মোতায়েন কৰা হৈছে আৰক্ষীৰ তিনি হাজাৰ লোকক। ফাইনেল মেচখন আজি সন্ধিয়া ৭-৩০ৰ পৰা আৰম্ভ হ'ব।