ডিজিটেল ডেস্ক: ইন্ধনৰ দাম সঘন বৃদ্ধিৰ মাজতে এইবাৰ বৃদ্ধি পাব দূৰণিবটীয়া তথা আন্তঃজিলা বাছৰ ভাৰা। পৰিবহণ ব্যয় বৃদ্ধিৰ বাবে বাছ মালিকসকলেও নতুন হাৰত বাছৰ ভাৰা নিৰ্ধাৰণ কৰি সংগ্ৰহৰ বাবে কুচকাৱাজ আৰম্ভকৰিছে।
গুৱাহাটীৰ পৰা উজনিমুৱা দূৰণিবটীয়া বাছৰ নতুন ভাৰা বৃদ্ধিৰ তালিকা ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে পৰিবহণ বিভাগৰ সৈতে আলোচনাৰ মাধ্যমেৰেহে পৰৱৰ্তী সময়ত বাছ ভাৰা বৃদ্ধি সন্দৰ্ভত চৰকাৰী সিদ্ধান্ত গ্রহণ কৰা হ'ব বুলি জানিব পৰা গৈছে যদিও একাংশ বাছৰ মালিকপক্ষই ইতিমধ্যে এই নতুন ভাৰা সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নেটৱৰ্ক আৰু ৰাইন'ৰ বাছসমূহত এই বর্ধিত ভাৰা ইতিমধ্যে প্রযোজ্য হৈছে। ইতিমধ্যে প্রকাশিত তালিকা অনুসৰি গুৱাহাটীৰ পৰা উজনিৰ দিশে আন আন জিলালৈ যোৱা এ চি আৰু নন এ চি বাছৰ ভাৰা ১০০ৰ পৰা ১৫০ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ পৰা কঁহৰা, বোকাখাত, নুমলীগড়, বিশ্বনাথ চাৰিআলি, গহপুৰ, হাৱাজানলৈ নন এ চিত ৫০০ টকা আৰু এ চিত ৬০০ টকা ভাৰা নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে গুৱাহাটীৰ পৰা যোৰহাট, গোলাঘাট, সৰুপথাৰ, মৰিয়নি, জাঁজী, টীয়ক, গৌৰীসাগৰলৈ নন এ চিত ৫৫০ টকা, এ চিত ৬৫০ টকা ভাৰা নিৰ্ধাৰণ কৰিছে। নাৰায়ণপুৰ আৰু বান্দৰদেৱালৈও নন এ চিত ৫৫০ টকা, এ চিত ৬৫০ টকা ভাৰা হ'ব। একাদিক্রমে শিৱসাগৰ, নাজিৰা আৰু ডিমৌলৈ নন এ চিত ৬০০ টকা, এ চিত ৭০০ টকা, মৰাণ, সোণাৰী আৰু ছেপন, নৰ্থ লখিমপুৰলৈ নন এ চিত ৬৫০ টকা, এ চিত ৭৫০ টকা, ডিব্ৰুগড় আৰু চাবুৱা, গোগামুখ, ধেমাজিলৈ নন এ চিত ৭০০ টকা, এ চিত ৮০০ টকা, তিনিচুকীয়া, চিলাপথাৰলৈ নন এ চিত ৭৫০ টকা, এ চিত ৮৫০ টকা আৰু মাজুলী, ডিগবৈলৈকে নন এ চিত ৮০০ টকা, এ চিত ৯০০ টকা ভাৰা দিব লাগিব। সেইদৰে মাৰ্ঘেৰিটা, লিডুলৈকে নন এ চিত ৯০০ টকা, এ চিত ১০০০ টকা, জাগুণলৈ নন এ চিত ৯৫০ টকা, এ চিত ১১০০ টকা আৰু তেজপুৰলৈ নন এ চিত ৪৫০ টকা, এ চিত ৫৫০ টকা ভাৰা নিৰ্ধাৰণ কৰিছে। তালিকাত উল্লেখ কৰা অনুসৰি এই নিৰ্ধাৰিত ভাৰা তলত বহা ছীটৰ বাবেহে। শ্লিপাৰ বাৰ্থত আৰু অতিৰিক্তি ১০০ টকা ভাৰা যোগ হ'ব।
উল্লেখযোগ্য যে ইন্ধন আৰু অন্যান্য সা-সঁজুলিৰ মূল্য বৃদ্ধিৰ অজুহাতত গুৱাহাটীৰ পৰা উজনিমুখী বাছৰ যাত্ৰা আৰু ব্যয়বহুল হৈ পৰিছে যদিও বর্তমান প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা এই ভাৰা ইন্ধনৰ মূল্য বৃদ্ধিৰ পূৰ্বৰে পৰা যাত্ৰীসকলৰ পৰা আদায় লৈ আহিছে বুলি অভিযোগ উঠিছে। আনহাতে আন একাংশ যাত্ৰীৰ অভিযোগ অনুসৰি বৰ্তমান নির্দিষ্ট কৰি দিয়া ভাৰাতকৈও আৰু অতিৰিক্ত ১০০-২০০ টকা পর্যন্ত ভাৰা বাছত যাত্ৰীৰ পৰা সংগ্ৰহ কৰা হ'ব। মুঠৰ ওপৰত ইন্ধনৰ দাম বৃদ্ধিৰ পৰিপেক্ষিতত বৃদ্ধি হ'ব লগা বাছৰ ভাৰাই যে যাত্রীসকলক জলা-কলা খুৱাব সেইটো অধিক স্পষ্ট হৈ পৰিছে।