ডিজিটেল ডেস্ক: সংকটত মহাবাহু ব্রহ্মপুত্ৰ। ৰঙা চীনে তিব্বতত য়াৰলুং ছাংপো নদী অর্থাৎ ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মাণ কৰিবলৈ ওলোৱা বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পটোৰ কাম-কাজ আৰম্ভ কৰিছে। যাৰ বাবে শেহতীয়াকৈ ভাৰতৰ উদ্বেগ বৃদ্ধি পাইছে। আনকি যোৱা ২৮ মে'ত বেইজিঙত অনুষ্ঠিত ভাৰত-চীন সীমান্ত বিষয়ক যুটীয়া কাৰ্যব্যৱস্থাৰ বৈঠকত চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা নদী বান্ধৰ লগতে ব্ৰহ্মপুত্ৰৰ জল প্ৰৱাহ সম্পৰ্কীয় তথ্য প্রদান বন্ধ কৰি থোৱা বিষয়টো ভাৰতীয় পক্ষক উল্লেখ কৰে।
উল্লেখযোগ্য যে ২০২২ চনত দুয়ো দেশৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ৰে পৰা চীনে ব্ৰহ্মপুত্ৰ নদীৰ জল প্ৰৱাহ সম্পর্কীয় তথ্য প্রদান বন্ধ কৰি ৰাখিছে। ইয়াৰ ফলত বিশেষকৈ বানপানীৰ পূর্বাভাস, জলসম্পদ ব্যৱস্থাপনা আৰু দুর্যোগ প্রস্তুতিৰ ক্ষেত্ৰত ভাৰত সমস্যাৰ সন্মুখীন হৈ আহিছে। আনহাতে, ২০২৫ চনৰ জুন মাহত এই তথ্য বিনিময়ৰ বাবে স্বাক্ষৰিত চুক্তিখনৰ ম্যাদ ওকলাৰ পাছতো নবীকৰণ কৰা নাই চীনে। শেহতীয়াকৈ অনুষ্ঠিত বৈঠকত ভাৰতীয় প্রতিনিধি দলে স্পষ্টভাবে কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নির্মাণ কৰি থকা বৃহৎ জলবিদ্যুৎ প্রকল্পসমূহক লৈ ভাৰত উদ্বিগ্ন। এই প্ৰকল্পৰ ফলত নদীৰ স্বাভাৱিক প্রবাহত পৰিৱৰ্তনৰ লগতে ই পৰিৱেশৰ সন্তুলন ব্যাহত কৰিব।
মন কৰিব লগীয়া কথা যে ব্ৰহ্মপুত্ৰ অসমৰ জীৱন আৰু অৰ্থনীতিৰ সৈতে ওতঃপ্রোতভাৱে জড়িত এখন বিশাল নদী। এই নদীখনৰ সৈতে অসম, অৰুণাচল আৰু বাংলাদেশৰ কোটি কোটি লোকৰ জীৱন-জীৱিকা জড়িত হৈ আছে। এনেকৈ চীনে তিব্বতৰ অঞ্চলত নদীখনৰ ওপৰত বৃহৎ জলবিদ্যুৎ প্রকল্পসমূহ নির্মাণ কৰিলে ভৱিষ্যতে নদীখনৰ লগতে নামনিৰ লোকসকল সংকটত পৰিব। বিশেষকৈ আকস্মিকভাৱে পানী এৰি দিয়াৰ ফলত নামনিৰ অঞ্চলসমূহত বানপানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিব। বৈঠকত অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় নদী বিশেষজ্ঞ এগৰাকীয়ে উল্লেখ কৰা মতে, চীনে এই প্রকল্পক 'ৰান-অব-দ্য-ৰিভাৰ' প্রকল্প বুলি আশ্বাস দিলেও ভাৰতৰ উদ্বেগ দূৰ হোৱা নাই। বিশেষজ্ঞগৰাকীয়ে কৈছে যে ব্ৰহ্মপুত্ৰৰ জল প্ৰৱাহ সম্পৰ্কীয় তথ্য সময় মতে লাভ কৰাটো অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ।
বানপানীৰ আগতীয়া সতর্কবাণী, জলসম্পদ পৰিকল্পনা আৰু কৃষি খণ্ডৰ স্বাৰ্থত ভাৰত-চীনৰ সহযোগিতা অধিক শক্তিশালী হোৱাটো সময়ৰ দাবী। তথ্য মতে, চীনে ২০২৪ চনৰ ডিচেম্বৰত য়াৰলুং ছাংপো নদীৰ নিম্নাংশত এক বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ অনুমোদন জনাইছিল আৰু ২০২৫ চনত নিৰ্মাণকাৰ্য আৰম্ভ কৰে। প্ৰায় ১.২ ট্রিলিয়ন ইউৱান ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্রকল্পত পাঁচটা জলবিদ্যুৎ কেন্দ্র থাকিব। সম্পূর্ণ হ'লে ই বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পত পৰিণত হ'ব। বিশেষকৈ ভাৰত-চীন সীমান্তৰ ওচৰৰ 'গ্রেট বেণ্ড' অঞ্চলত এই প্রকল্প নিৰ্মাণ কৰাৰ বাবে ইয়াৰ কৌশলগত গুৰুত্বও যথেষ্ট আছে। ইয়াৰ উপৰি উক্ত অঞ্চলটো হৈছে ভূমিকম্প প্ৰৱণ অঞ্চল। এনে অঞ্চলত বৃহ বান্ধ নিৰ্মাণ কৰাটোৱেই অনুচিত। এনে অৱস্থাত ভাৰতৰ এই উদ্বেগৰ পাছত চীনে কি উত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয়।