হাৰ্দিক পাণ্ডিয়াৰ অভিলেখ

dainik janambhumi April 06, 2025

ডিজিটেল ডেস্ক : মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হার্দিক পাণ্ডিয়াই  লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আই পি এলৰ মেচখনত পাঁচটা উইকেট দখল কৰি ইতিহাস সৃষ্টি কৰে। তেওঁ মেচখনত ৪ অ'ভাৰত ৩৬ ৰান দি ৫টা উইকেট দখল কৰে। 

আই পি এলৰ ইতিহাসত পাঁচটা উইকেট দখল কৰা হার্দিক প্ৰথমজন অধিনায়ক। এই মেচখনত লক্ষ্ণৌৰে ২০ অ'ভাৰত ৮ উইকেট হেৰুৱাই ২০৩ ৰান কৰে। হার্দিকে মেচখনত অনিল কুম্বলেৰ অভিলেখ ভংগ কৰে। ইয়াৰ আগতে আই পি এলত সর্বাধিক উইকেট দখল কৰা অধিনায়কৰ অভিলেখৰ গৰাকী আছিল কুম্বলে। তেওঁ ২০০৯ চনত ১৬ ৰান দি চাৰিটা উইকেট দখল কৰি এই অভিলেখ কৰিছিল। 

কুম্বলেই আই পি এলত এটা ইনিংছত দুবাৰ চাৰিটা উইকেট দখল কৰিছিল। আনহাতে জে পি ডুমিনি, শ্বেন বার্ন আৰু যুৱৰাজ সিঙে এবাৰকৈ চাৰিটা উইকেট দখল কৰিছিল। অৱশ্যে মেচখনত হার্দিকে ৫টা উইকেট দখল কৰি অভিলেখ কৰিলেও মুম্বাই ইণ্ডিয়ান্‌ছৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে। মেচখনত লক্ষ্ণৌৰ ২০৩ ৰানৰ প্ৰত্যুত্তৰত মুম্বায়ে ৫ উইকেট হেৰুৱাই ১৯১ ৰান সংগ্ৰহ কৰি ১২ ৰানত পৰাজয় বৰণ কৰে।

Share This