ত্ৰিৰংগাক অপমান! হার্দিক পাণ্ডিয়াৰ বিৰুদ্ধে গোচৰ

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট দলৰ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া এক বিতৰ্কত জড়িত হৈ পৰে। পাণ্ডিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ কৰা হৈছে। এই অভিযোগত পুনেৰ অধিবক্তা ৱাজিদ খানে শিৱাজী নগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। পুনেৰ আৰক্ষীৰ এজন বিষয়াই এই কথা নিশ্চিত কৰি কয় যে গোচৰৰ প্ৰক্ৰিয়া অনুসৰি এই অভিযোগৰ তদন্ত কৰা হ'ব। 

আৰক্ষীক দাখিল কৰা অভিযোগ অনুসৰি, যোৱা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতে নিউজিলেণ্ডক পৰাজিত কৰি টি-২০ বিশ্ব কাপ জয় কৰাৰ পাছত দলটোৰ খেলুৱৈসকলে আনন্দ-উল্লাস প্রকাশ কৰাৰ সময়ত পাণ্ডিয়াই ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অৱমাননাসূচক আচৰণ কৰে। অধিবক্তাজনে কয় যে বিশ্ব কাপ জয়ৰ পাছত পাণ্ডিয়াই ৰাষ্ট্ৰীয় আৰু কিছুমান অশোভনীয় আচৰণ কৰে। অভিযোগত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পতাকা দেশৰ গৌৰৱ আৰু সম্মানৰ প্রতীক। সেয়েহে ইয়াৰ সৈতে কোনো ধৰণৰ অনুচিত ব্যৱহাৰ তথা আচৰণ আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰিব পাৰি। এনে ধৰণৰ আচৰণ ৰাষ্ট্ৰীয় পতাকাৰ গৰিমাৰ পৰিপন্থী বুলি কোৱা হৈছে। 

পাণ্ডিয়াক কান্ধত ৰাষ্ট্ৰীয় পতাকা থকা অৱস্থাত তেওঁ তেওঁৰ প্রেমিকাক সাবটি ধৰাকে ধৰি কিছুমান অশোভনীয় আচৰণ কৰাৰ অভিযোগ কৰা হৈছে। অধিবক্তাজনে কয় যে পাণ্ডিয়াৰ এনে ধৰণৰ আচৰণ ৰাষ্ট্ৰীয় পতাকাৰ গৰিমাৰ পৰিপন্থী। তেওঁ ১৯৭১ চনৰ দ্য প্রিভেন্সন অব্ ইনছাল্টছ টু নেশ্যনেল অনাৰ এক্টৰ অধীনত ৰাষ্ট্ৰীয় পতাকাৰ গৰিমা অটুট ৰখাটো অনিবার্য।

Share This