ভাৰতীয় মহিলা দলৰ নেতৃত্বলৈ উভতিল হৰমনপ্রীত কৌৰ

dainik janambhumi April 09, 2025

ডিজিটেল ডেস্কঃ  শ্রীলংকাত এই মাহৰ শেষৰফালে হ'ব লগীয়া ত্রিদলীয় মহিলা এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ অধিনায়িকা হিচাপে প্রত্যাৱর্তন ঘটিছে তাৰকা বেটাৰ হৰমনপ্রীত কৌৰৰ। জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হৰমনপ্ৰীতক জিৰণি দিয়া হৈছিল।

বি চি চি আইৰ মহিলা নির্বাচন কমিটীয়ে ঘোষণা কৰা ১৫জনীয়া দলটোৰ সহঃ অধিনায়িকাৰ দায়িত্ব লাভ কৰিছে স্মৃতি মান্ধানাই। ভাৰতকে ধৰি ঘৰুৱা শ্রীলংকা আৰু দক্ষিণ আফ্রিকাই অংশ ল'বলগীয়া শৃংখলাটো ২৭ এপ্রিলত আৰম্ভ হ'ব। ১১ মে'ত অন্ত পৰিবলগীয়া শৃংখলাত ভাৰতে ২৭ এপ্রিলত শ্রীলংকাৰ বিৰুদ্ধে প্রথম খেলত নামিব। ডাবল ৰাউণ্ড-ৰবীন লীগ ইভেন্টত দলকেইটাই ৪খনকৈ মেচ খেলিব।

শীর্ষৰ দুটা দলে ফাইনেললৈ যোগ্যতা অর্জন কৰিব। ফাইনেল হ'ব ১১ মে'ত। শৃংখলাৰ কেউখন খেল হ'ব কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত। ভাৰতীয় দলটো: হৰমনপ্রীত কৌৰ (অধিনায়িকা), স্মৃতি মান্ধনা (সহঃ অধিনায়িকা), প্রতীকা ৰাৱাল, হার্লিন দেউল, জেমিমা ৰড্রিগুৱেজ, ৰিশা ঘোষ (উইকেটকীপাৰ), য়াস্তিকা ভাটিয়া (উইকেটকীপাৰ), দীপ্তি শর্মা, অমনজ্যোত কৌৰ, কাশভী গৌতম, স্নেহ ৰাণা, অৰুন্ধতী ৰেড্ডী, তেজাল হাছাবনিছ, শ্রী চৰণী আৰু যুশী উপাধ্যায়।

Share This