ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যম ট্রুথ ছ'চিয়েলযোগে দেওবাৰে তেওঁৰ প্রশাসনে সন্মানীয় হার্ভার্ড বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীক নামভর্তি কৰাৰ পৰা বিৰত ৰাখিবলৈ লোৱা সিদ্ধান্তক সমর্থন কৰে।
ট্রাম্পে কয় যে বিশ্ববিদ্যালয়খনৰ ৩১% শিক্ষার্থী বিদেশী আৰু তাৰে বেছিভাগ দেশৰেই আমেৰিকাৰ সৈতে সম্পর্ক মধুৰ নহয়। ট্রাম্পে লগতে কয় যে হার্ভার্ডৰ পৰা প্ৰব্ৰজনকাৰী শিক্ষাৰ্থীৰ অপৰাধ কাৰ্যাৱলীৰ তথ্য বিচাৰি জনোৱা অনুৰোধ 'যুক্তিসংগত'।
হার্ভার্ডক বিলিয়ন ডলাৰ প্ৰদান কৰাৰ পাছতো তেওঁলোকে এই তথ্য প্রদানত ইচ্ছুক নহয়। তেওঁ লগতে কয় যে হার্ভার্ডৰ লগত ৫২,০০০,০০০ ডলাৰ আছে আৰু প্রাদেশিক চৰকাৰক পুঁজি বিচাৰি অনুৰোধ জনোৱাৰ সলনি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।