ডিজিটেল ডেস্ক : আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন দেখা বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে দেশখনৰ এখন আদালতে সুখবৰ দিয়ে। দেশখনৰ এখন ফেডাৰেল আদালতে বিশ্ববিদ্যালয়খনত বিদেশী ছাত্র-ছাত্ৰীৰ পঢ়া-শুনা কৰাত ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা নিষেধাজ্ঞাত অস্থায়ীভাৱে স্থগিতাদেশ জাৰি কৰে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে এটা আদেশত বিশ্ববিদ্যালয়খনত বিদেশী ছাত্র-ছাত্রীয়ে পঢ়াত নিষেধাজ্ঞা আৰোপ কৰিছিল। আদালতে তেওঁৰ নিষেধাজ্ঞাত স্থগিতাদেশ জাৰি কৰি এক অন্তৱৰ্তী ৰায় দিয়ে। ইফালে আদালতৰ ৰায়ত বিশ্ববিদ্যালয়খনৰ লগতে ইয়াত পঢ়ি থকা ছাত্র-ছাত্রীসকলে সন্তোষ প্রকাশ কৰিছে।
ফেডাৰেল আদালতৰ ন্যায়াধীশৰ আগত ট্রাম্পৰ নিষেধাজ্ঞাক প্রত্যাহ্বান জনাই দাখিল কৰা আৱেদনত এই বুলি উল্লেখ কৰা হৈছিল যে ট্রাম্পৰ এই নির্দেশটোৱে পূৰ্বৰ নিষেধাজ্ঞাক উলংঘা কৰিছে আৰু তেওঁ নিৰ্দেশ জাৰি কৰাৰ সময়ত উপযুক্ত প্ৰক্ৰিয়া পালন কৰা নাই। উল্লেখযোগ্য যে ট্রাম্পে বিশ্ববিদ্যালয়খনলৈ পুঁজিৰ যোগান বন্ধ কৰাৰ লগতে তাত পঢ়ি থকা ভালেমান ছাত্ৰ-ছাত্ৰীৰ ভিছা বাতিল কৰে। আদালতে ৰায়টোত কয় যে ট্রাম্পৰ এই নির্দেশে হার্ভার্ডৰ অপূৰণীয় ক্ষতি কৰিব পাৰে।