১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী

Rashmi September 13, 2025

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। 

ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত ৭৩ বছৰীয়া সুশীলা কাৰ্কীক শপতনামা পাঠ কৰোৱায়। পৰৱৰ্তী নিৰ্বাচনলৈকে অন্তৰ্ৱৰ্তীকালিন চৰকাৰৰ নেতৃত্ব দিব সুশিলা কাৰ্কীয়ে। অৱশ্যে সুশীলা কাৰ্কিৰ ভাবমূর্তি হয়তো পৰিষ্কাৰ আছিল যদিও স্বামীৰ অতীত আছিল বিতর্কিত বিষয় ৷


সুশিলা কাৰ্কীৰ স্বামীৰ নাম নেতা দুৰ্গা প্ৰসাদ সুবেদী। উত্তৰ প্ৰদেশৰ বাৰাণসীস্থিত বানাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ)ত অধ্যয়ন কৰি থকা অৱস্থাত সুশিলা কাৰ্কীয়ে তেওঁক লগ পাইছিল। 

বিশেষ কথাটো হ’ল, ৫২ বছৰ পূৰ্বে নেপালৰ প্ৰথমটো বিমান হাইজেকৰ লগত জড়িত আছিল সুবেদী। সুশীলা কাৰ্কীৰ স্বামীয়ে হাইজেক কৰা বুলি অভিযোগ উত্থাপন কৰা বিমানখনত আছিল এগৰাকী সুন্দৰী বলিউডৰ অভিনেত্ৰী। হয়, পিয়াছা আৰু গীতৰ দৰে ছবিত অভিনয় কৰা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মালা সিনহাও আছিল হাইজেক কৰা বিমানখনত ।


হাইজেকৰ ঘটনা

কাহিনীটো ৫২ বছৰ আগৰ। নেপালৰ বিৰাটনগৰৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল এখন বিমান। সেই বিমানখন ১৯৭৩ চনৰ ১০ জুনত হাইজেক কৰা হৈছিল।সেই বিমানত চৰকাৰৰ ৩০ লাখ টকা আছিল। কানাডাত নিৰ্মিত ১৯জনীয়া টুইন অটাৰ বিমানখন হাইজেক কৰে নেপালী কংগ্ৰেছৰ তিনিজন সদস্যই। বিমানখনত থকা যাত্ৰীসকলৰ ভিতৰত নেপালৰ অভিনেতা দম্পতী চি পি লোহানী আৰু ভাৰতৰ মালা সিনহাও আছিল। 

নগেন্দ্ৰ ধুংগেল আৰু বসন্ত ভট্টৰাইৰ সৈতে ৰয়েল নেপাল এয়াৰলাইন্সৰ বিমান হাইজেকত জড়িত আছিল সুশিলা কাৰ্কীৰ স্বামী সুবেদী। এই ষড়যন্ত্ৰ ৰচনা কৰিছিল গিৰিজা প্ৰসাদ কৈৰালা, যি পিছলৈ নেপালৰ প্ৰধানমন্ত্ৰী হৈছিল। বিশেষ কথাটো হ'ল এয়া আছিল নেপালৰ প্ৰথম হাইজেক।

সুশীলা কাৰ্কীৰ স্বামীৰ কেলেংকাৰি

শেহতীয়াকৈ সেই সময়ত জে'লৰ পৰা মুকলি কৰি দিয়া হৈছিল সুশীলা কাৰ্কীৰ স্বামী সুবেদীক। তেওঁ কৈৰালাৰ অন্যতম ঘনিষ্ঠ সহযোগী আছিল। নেপালৰ ৰজা মহেন্দ্ৰৰ অধীনত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ বাবে ধন সংগ্ৰহৰ বাবে এই হাইজেক কৰা হৈছিল। হাইজেক কৰা বিমানখনত আছিল ৩০ লাখ টকাৰ চৰকাৰী ধন। বিহাৰৰ ফৰ্বছগঞ্জৰ এটা ঘাঁহনিত অৱতৰণ কৰিবলৈ বাধ্য কৰে হাইজেকাৰে। ইতিমধ্যে তাত আন পাঁচজন ষড়যন্ত্ৰকাৰীয়ে অপেক্ষা কৰি আছিল। সুশীল কৈৰালা ফৰ্বছগঞ্জত আছিল আৰু ঘেৰাওৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল।

হাইজেকৰ উদ্দেশ্য

বিমানখনৰ পৰা নগদ ধনেৰে ভৰা তিনিটা বাকচহে আঁতৰাই যাত্ৰীসকলক একো ক্ষতি নকৰিলে হাইজেকাৰে। ইয়াৰ পিছতে আন যাত্ৰীসহ বিমানখনে পুনৰ উৰা মাৰিলে। পথেৰে পশ্চিম বংগৰ দাৰ্জিলিংলৈ লৈ যোৱা হয় এই নগদ ধন। এবছৰৰ ভিতৰতে ধুংগেলৰ বাহিৰে গোটটোৰ সকলো সদস্যকে ভাৰতৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে। সুবেদী আৰু বাকীকেইজনক দুবছৰৰ কাৰাদণ্ড বিহে। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁলোকক মুকলি কৰি দিয়া হয়।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This