মূৰৰ মূল্য ১কোটি! বিবেকক হত্যা 

dainik janambhumi April 22, 2025

ডিজিটেল ডেস্কঃ সোমবাৰে ঝাৰখণ্ডত কব্ৰা  কমাণ্ডো, চি আৰ পি এফ আৰু আৰক্ষীৰ এটা দলৰ সৈতে হোৱা সংঘৰ্ষত মূৰৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ থকা মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যকে ধৰি ৮ মাওবাদীৰ মৃত্যু হয়। বোকাৰো জিলাৰ লালপনিয়া অঞ্চলৰ লুগু পাহাৰত সোমবাৰে পুৱা ৫-৩০ বজাত দুয়োপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। 

আৰক্ষীয়ে জনায় যে ২০৯ কমান্ডো বেটেলিয়ন ফৰ ৰিজলিউট একশ্যন (কব্রা), চি আৰ পি এফ আৰু আৰক্ষীয়ে চলোৱা এই অভিযানত ৮ মাওবাদী নিহত হয়। তদুপৰি অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা এটা এ কে  ছিৰিজৰ ৰাইফল, তিনিটা ইনছাছ ৰাইফল, এটা ছেল্ল্ফ ল'ডিং ৰাইফল (এছ এল আৰ), ৮টা দেশীয় বন্দুক আৰু এটা পিষ্টল জব্দ কৰে। নিহত মাওবাদীৰ ভিতৰত আছে মাওবাদী কেন্দ্রীয় সমিতিৰ সদস্য প্রয়াগ মাঝি ওৰফে বিবেক, বিশেষ আঞ্চলিক সমিতিৰ সদস্য অৰৱিন্দ যাদৱ ওৰফে অবিনাশ, মাণ্ডলিক সমিতিৰ সদস্য চাহেবৰাম মাঝি ওৰফে ৰাহুল মাঝি। বিবেকৰ মূৰৰ ওপৰত ১ কোটি, অৰৱিন্দ যাদৱৰ মূৰৰ ওপৰত ২৫ লাখ আৰু চাহেবৰাম মাঝিৰ মূৰৰ ওপৰত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

৮০ দশকত মাওবাদত দীক্ষিত হোৱা প্রয়াগ মাঝি ওৰফে বিবেক আছিল ধানবাদ জিলাৰ দলবুঢ়া গাঁৱৰ বাসিন্দা। ঝাৰখণ্ডৰ উপৰি ছট্টিশগড়, বিহাৰ আৰু পশ্চিম বংগলৈ বিবেকৰ নেটৱৰ্ক আছিল। তেওঁৰ বিৰুদ্ধে ঝাৰখণ্ডৰ গিৰিডীহ, চাইবাসা, বোকাৰো আৰু ধানবাদ জিলাতেই ৬০তকৈ অধিক গোচৰ ৰুজু হৈছিল। চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা তেওঁৰ পত্নী জয়া মাঝিৰ মূৰৰ ওপৰতো আৰক্ষীয়ে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

আৰক্ষীয়ে জনায় যে এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ লোকসকলৰ কোনো আহত হোৱা নাই। আনহাতে, এই সফলতাত প্রতিক্রিয়া প্রকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে কয় যে নক্সালবাদ উৎখাত কৰাৰ চৰকাৰৰ দায়বদ্ধতা অপ্রশমিতভাবে অব্যাহত আছে।

Share This