কেন্দ্ৰীয় চৰকাৰলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ, 'চি জে পি'ৰ এক্স একাউন্ট বন্ধ কৰা বিষয়ৰ আৱেদনৰ শুনানি

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক : সামাজিক মাধ্যমৰ যোগেদি দেশ-বিদেশৰ জেন জিৰ মাজত জোৱাৰৰ সৃষ্টি কৰা ককৰ'ছ জনতা পার্টি (চি জে পি)ৰ 'এক্স' একাউণ্ট বন্ধ কৰি ৰখাৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত জনোৱা এখন আৱেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰা হয়। 

ন্যায়ালয়ে আৱেদনৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰৰ লগতে 'এক্স'ৰ বিষয়াবৰ্গলৈ জাননী জাৰি কৰে। ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱে চি জে পিৰ প্রতিষ্ঠাপক অভিজিত দীস্কেক পুনৰীক্ষণ সমিতিৰ সন্মুখত ভার্চুৱেলী উপস্থিত থকাত অনুমতি প্রদান কৰে। 

লগতে সমিতিয়ে চি জে পিৰ 'এক্স' একাউণ্ট বন্ধ কৰি ৰখা বিষয়টো চালি-জাৰি চাব আৰু যদি বন্ধ কৰি ৰখাটো গ্ৰহণযোগ্য নহয়, তেন্তে সেয়া খুলি দিয়াৰ বাবে নির্দেশ দিব বুলিও ন্যায়াধীশগৰাকীয়ে কয়।

Share This