ফ্রান্সত প্রাণ গ'ল সহস্রাধিক লোকৰ, উৎকট গৰমে দহিছে ইউৰোপক

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে ইউৰোপ মহাদেশ। প্রচণ্ড গৰমত ফ্রান্সত ২৪-২৭ জুনৰ ভিতৰত অৰ্থাৎ চাৰি দিনত ১০০০জনতকৈ অধিক লোকে প্রাণ হেৰুৱায়। ইয়াৰে ৮৫% লোক বৃদ্ধ বুলি দেশখনৰ ৰাজহুৱা স্বাস্থ্য সংস্থাই জনাইছে। দেশখনত গৰমত নিহত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে। দেশখনত তাপমাত্রা ৪০ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে। আনহাতে, ব্রিটেইন, জার্মানি, স্পেইন, ডেনমার্ক, ইটালি আৰু ছুইজাৰলেণ্ডকে ধৰি ১৬খন দেশত গৰমে কেইবা দশকৰ অভিলেখ ভংগ কৰিছে। বাতৰি প্ৰতিষ্ঠান এ এফ পিয়ে প্রকাশ কৰা মতে, ইউৰোপৰ প্ৰায় ১৯.১ কোটি লোকে ৩৫ ডিগ্রী চেলছিয়াছ বা তাতকৈ অধিক তাপমাত্রা সহ্য কৰিবলগীয়া হৈছে। কেইবা ঠাইতো পথ গলি যোৱাৰ লগতে কেইবাখনো দেশত প্রচণ্ড গৰমৰ কাৰণে স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছে।

স্পেইনত সৰ্বাধিক গৰম পৰিছে আৰু সর্বোচ্চ তাপমাত্রা ৪৫° চেলছিয়াছৰ অধিক হৈছে। যোৱা চাৰি দিনত দেশখনত দুই শতাধিক লোকৰ মৃত্যু হৈছে গ্ৰীষ্ম প্ৰৱাহত। ইফালে প্ৰচণ্ড গৰমত স্পেইনৰ বনাঞ্চলত প্রচণ্ড জুই লাগে। জার্মানিত ইতিহাসৰ ভিতৰত আটাইতকৈ বেছি গৰম (সর্বোচ্চ তাপমাত্রা ৪১ ডিগ্রী চেলছিয়াছ) হৈছে। দেশখনত কেইবাঠাইতো পথ গলাত ভাগিছে আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। ইফালে ঠাণ্ডা দেশ ডেনমার্কত সর্বোচ্চ তাপমাত্রাই (৩৭° চেলছিয়াছ) অভিলেখ সৃষ্টি কৰে।

দেশখনতো পথসমূহ গলিবলৈ আৰম্ভ কৰে। ফলত গধুৰ যান-বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। ইটালিৰ ১৮খন মহানগৰত ৰে'ড এলার্ট জাৰি কৰা হৈছে। ব্রিটেইনত জুন মাহৰ গৰমে ৫০ বছৰৰ অভিলেখ ভংগ কৰে। দেশখনত সর্বোচ্চ তাপমাত্রা ৩৬.৪° চেলছিয়াছ হৈছে। দেশখনৰ সহস্রাধিক স্কুল বন্ধ ঘোষণা কৰা হৈছে।

Share This