ইউৰোপত উৎকট গৰমে প্রাণ ল'লে ১০ সহস্রাধিক লোকৰ

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : জুন মাহৰ শেষৰ ফালে সমগ্র ইউৰোপ মহাদেশত প্রবল গ্রীষ্ম প্ৰৱাহে অভিলেখৰ সৃষ্টি কৰে। চৰকাৰী তথ্য অনুসৰি, পশ্চিমৰ মহাদেশখনত জুন মাহৰ শেষৰ পৰা এতিয়ালৈকে ১০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ইউৰোপীয় কেন্দ্র আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত 'ইউৰো এম অ' এম অ' নামৰ এটা সংস্থাই প্রকাশ কৰিছে এই বিস্ফোৰক তথ্য। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, উৎকট গৰমত পশ্চিমীয়া মহাদেশখনৰ বিভিন্ন দেশত ৬৫ বছৰ আৰু ঊৰ্বৰ বয়সৰ প্রায় ৯০০০ লোকৰ মৃত্যু হৈছে। অতিপাত গৰমৰ ফলত হিট ষ্ট্ৰ'ক অথবা হৃদৰোগ, শ্বাস-প্রশ্বাসজনিত ৰোগত অধিকাংশ বয়স্ক লোকে প্রাণ হেৰুৱাইছে। 

সংস্থাটোৰ মতে, বিজ্ঞানীসকলে কৈছে যে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন আৰু এল নিনোৰ প্ৰভাৱে সমগ্র ইউৰোপত প্রবল গ্ৰীষ্মপ্ৰৱাহৰ সৃষ্টি কৰে। জুন মাহৰ ২২ তাৰিখৰ পৰা ২৮ তাৰিখলৈ ফ্রান্স, স্পেইন, ব্রিটেইন, ইটালি আৰু অন্য ইউৰোপীয় দেশত গ্রীষ্মপ্রবাহে তাণ্ডৱলীলা চলায়। কভিড-১৯ মহামাৰীৰ পাছত ইউৰোপত এইবাৰ গ্ৰীষ্মপ্ৰৱাহে জুন মাহৰ অন্তিম সপ্তাহটোত ১০,৬৫০ গৰাকী লোকৰ প্ৰাণ লৈছে। ইউৰো এম অ' এম অ'ৰ পৰিসংখ্যা অনুসৰি, এটা সপ্তাহত গড় হিচাপত প্রতিখন ইউৰোপীয় দেশত উৎকট গৰমৰ বাবে ৫০০জনকৈ লোকৰ মৃত্যু হৈছে। 

উল্লেখযোগ্য যে অতিপাত গ্ৰীষ্মপ্ৰৱাহৰ বাবে জুনৰ শেষৰ সপ্তাহত ফ্রান্স, স্পেইন আৰু ব্রিটেইনত শক্তি যোগান ব্যাহত হৈছিল আৰু স্কুল-কলেজ বন্ধ ৰখা হৈছিল। উৎকট গৰমে দেশকেইখনত জনজীৱন স্তব্ধ কৰি তুলিছিল।

Share This