ডিজিটেল ডেস্ক : অবিৰত গ্রীষ্মপ্ৰৱাহে গ্রাস কৰিছে ইউৰোপ। উষ্ণতাই গঢ়িছে অভিলেখ, দৈনন্দিন স্বাভবিক জীবনযাত্রা ব্যাহত হৈছে আৰু অস্বাভাৱিক উচ্চ উষ্ণতাৰ মাজত কেইবা ডজনো লোকৰ মৃত্যু হৈছে। ব্রিটেইন আৰু ফ্ৰান্সৰ পৰা ইটালি আৰু স্পেইনলৈ বন্ধ দিয়া হৈছে বিদ্যালয়, পৰিবহণ ব্যৱস্থা ব্যাহত হৈছে আৰু এই সময়ছোৱাৰ গড় উষ্ণতাতকৈ বহু বেছি উষ্ণতাৰ মাজত প্রশাসনে জৰুৰী স্বাস্থ্য সতৰ্কীকৰণ জাৰি কৰিছে।
ফ্ৰান্সৰ কিছু অংশত পাৰাস্তম্ভ ৪৪ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে আৰু বতৰৰ আগজাননী দিয়া সংস্থাই আগন্তুক দিনত অধিক চৰম অৱস্থাৰ সতর্কতা জাৰি কৰিছে। বুধবাৰে ফ্রান্স, ব্রিটেইন, ইটালি, স্পেইন, বেলজিয়াম, নেদাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ অৱস্থা শোচনীয় আছিল। কিছু কিছু অঞ্চলত ঋতুকালীন গড় উষ্ণতাতকৈ উষ্ণতা ১৮ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাইছিল। ফ্ৰান্সত বুধবাৰ আছিল প্রায় ৮০ বছৰৰ আগতে বতৰৰ ৰেকৰ্ড ৰখা আৰম্ভকৰাৰ পৰা আটাইতকৈ গৰমৰ দিন।
দক্ষিণ-পশ্চিমৰ পিছ'ছ নগৰৰ কালি উষ্ণতা ৪৪.৩ ডিগ্রী চেলছিয়াছ পাইছিলগৈ। বিদ্যুৎ যোগান ব্যাহত হোৱা, জনস্বাস্থ্যত জৰুৰী আৰু আন হেঁচাৰ মাজত ফ্ৰান্সৰ ৫০টাতকৈ অধিক বিভাগলৈ সতর্কতা জাৰি কৰা হৈছে। ইফালে গৰমৰ বাবে সকাহ পাবলৈ নদী, খাল আৰু আন জলাশয়ত গা ধোওঁতে বুৰি ফ্ৰান্সত মৃত্যু হৈছে ৪৮জন লোকৰ।