ডিজিটেল ডেস্ক : দেশৰ বৰষুণ সম্বন্ধীয় ঘটনাই ভয়াৱহ ৰূপ লৈছে। উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত হোৱা প্ৰবল নেৰানেপেৰা বৰষুণে সৃষ্টি কৰা আকস্মিক বানে জনজীৱনত ব্যাপক প্রভাৱ পেলাইছে। হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ, পঞ্জাবত হোৱা প্ৰবল বৰষুণে সৃষ্টি কৰা বানে বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি কৰিছে। বৃহস্পতিবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) তামিলনাডু, কেৰালা, কর্ণাটক, তেলেংগানা, অন্ধ্র প্রদেশ, হিমাচল প্রদেশ আৰু গুজৰাটত বৰষুণ, বজ্রপাত আৰু প্রবল ধুমুহাৰ সতর্কবাণী দিছে। আই এম ডিয়ে বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ ছখন জিলাত প্রবল বৰষুণৰ য়েল্ল' এলার্ট জাৰি কৰিছিল।
তদুপৰি, পঞ্জাবৰ দুখন জিলাতো প্ৰবল বৰষুণৰ আগজাননী দিছিল। আনহাতে, ২৯ আগষ্টৰ পৰা ৩১ আগস্টলৈকে পশ্চিম ৰাজস্থানত আৰু ১ ছেপ্টেম্বৰৰ পৰা ২ ছেপ্টেম্বৰলৈকে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত প্রবল বৰষুণৰ আগজাননী দিছে। ইয়াৰ মাজতে আই এম ডিয়ে আগজাননী দিছে যে ৪ ছেপ্টেম্বৰলৈকে উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ বিভিন্ন অংশত স্বাভাৱিকতকৈ অধিক বৰষুণ হ'ব। আনহাতে, উত্তৰ-পশ্চিম ভাৰতত ছেপ্টেম্বৰ মাহৰ শেষলৈকে প্রবল বৰষুণ অব্যাহত থাকিব বুলি আই এম ডিয়ে আগজাননী দিছে। অহা ২-৩ দিনত উত্তৰ ভাৰতৰ ৰাজ্যসমূহত প্রবল বৃষ্টিপাতৰ সতর্কবাণী দিছে আই এম ডিয়ে। অহা ১০ দিনলৈকে সমগ্র ভাৰতত বাৰিষাৰ প্ৰভাৱ থাকিব বুলি বতৰ বিজ্ঞানী এম বাজীবনে কয়। আনহাতে, প্রবল বৰষুণৰ মাজতে হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ সৈতে দেশৰ অন্য প্রান্তৰৰ সংযোগ বিচ্ছিন্ন হৈছে। চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ প্রবল বৰষুণত ক্ষতিগ্রস্ত হৈছে আৰু যাতায়াতৰ বাবে বন্ধ হৈছে। মাণ্ডী জিলাতে ভূমিস্খলনৰ ফলত শতাধিক মালবাহী বাহন আবদ্ধ হৈ পৰিছে। আনহাতে, পঞ্জাবৰ পাঠানকোট জিলাত ৰঞ্জিত সাগৰ নদীবান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ বাবে পাকিস্তানৰ নাৰোৱাল জিলাত থকা ইতিহাস প্রসিদ্ধ কাৰ্টাৰপুৰ দৰবাৰ চাহিব জলমগ্ন হৈছে। ইফালে, আই এম ডিয়ে মহাৰাষ্ট্ৰৰ মুম্বাইসহ বিভিন্ন অঞ্চলত প্রবল বৰষুণৰ আগজাননী বৃহস্পতিবাৰে দিয়ে। তেনেদৰে মধ্য প্রদেশ আৰু গুজৰাটৰ বিভিন্ন অঞ্চলতো প্রবল বৰষুণৰ য়েল্ল' এলার্ট জাৰি কৰে। ২ ছেপ্টেম্বৰলৈকে দুয়োখন ৰাজ্যত প্রবল বৰষুণ অব্যাহত থাকিব।
ইফালে, জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰৰ তীর্থযাত্রী ভূমিস্খলনত নিহতৰ সংখ্যা ৪১জনলৈ বৃদ্ধি পায়। জম্মু-কাশ্মীৰৰ বৰ্তমান বতৰৰ অৱস্থা শান্ত যদিও অহা ২৪ ঘণ্টাত অঞ্চলটোত পুনৰ প্ৰবল বৰষুণৰ আগজাননী দিছে আই এম ডিয়ে। আনহাতে, হিমাচলত প্রবল বৰষুণৰ ফলত ৫৮২টা পথ বন্ধ হৈ পৰিছে। পানী আৰু বিদ্যুৎ যোগান ব্যাহত হৈছে। ২০ জুনৰ পৰা হোৱা বাৰিষাৰ তাগুরে বাজ্যখনত এতিয়ালৈকে ৩১০জন লোকৰ প্ৰাণ লৈছে। ইফালে, প্রবল বৰষুণে সৃষ্টি কৰা বানে পঞ্জাবৰ বিভিন্ন অঞ্চল প্লাবিত কৰিছে। পঞ্জাবৰ কাপুৰতলা জিলাত ২০খন গাঁও বানত প্লাবিত হৈছে। জিলাখনৰ বিভিন্ন অঞ্চলত বিদ্যালয় বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।