ধাৰাসাৰ বৰষুণত স্তব্ধ নিউয়ৰ্কৰ জনজীৱনঃ  বিমানবন্দৰৰ পৰা পথ-ঘাটলৈকে সকলোতে কেৱল পানী

Jyoti Borah September 30, 2023

ডিজিটেল ডেস্কঃ ভয়াৱহ বানৰ কবলত পৰিছে আমেৰিকাৰ নিউয়ৰ্ক চহৰ। নিউয়ৰ্কত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে ।বৰষুণৰ ফলত  চহৰখনৰ বহু ৰাস্তা জলমগ্ন হৈ পৰিছে। নৰ্দমাবোৰ পানীৰে  উপচি পৰিছে

ফলস্বৰূপে স্কুল, চাবৱে, সকলোবোৰ পানীৰে ভৰি আছে। পথত পানী হোৱাৰ ফলত পথৰ ওপৰতে বহু বাহন আবদজ্ধ হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিউয়ৰ্কৰ বহু ঠাইত গোটেই শুকুৰবাৰে নিশা  ধাৰাসাৰ বৰষুণ হৈছে। ফলত  সকলো ঠাইতে পানীৰ ঢল বৈ গৈছে। ইতিমধ্যে বহু অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। স্থানীয় লোকসকলক সতৰ্ক কৰি দিয়া হৈছে। বৰষুণৰ বাবে নিউয়ৰ্কৰ বিমান সেৱাও ব্যাহত হৈ পৰিছে। মেট্ৰ' সেৱাও বাতিল হৈছে।  নিউয়ৰ্কৰ লা গাৰ্ডিয়া বিমানবন্দৰৰ টাৰ্মিনেলটো পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে। বহু বিমান বাতিল কৰা হৈছে। বহু বিমানৰ উৰণ  বিলম্বিত হৈছে। ফলস্বৰূপে যাত্ৰীসকলক স্থানান্তৰ কৰিবলগীয়া হৈছে। 
ৰাস্তাটোত বহু  গাড়ী পানীত ওপঙি থকা দেখা গৈছে। নিউয়ৰ্কৰ লগতে আমেৰিকাৰ উত্তৰ-পূব অংশও জলমগ্ন হৈ পৰিছে। বানৰ বহু  ছবি আৰু ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Share This