ইজৰাইলক প্ৰচণ্ড প্ৰত্যাঘাত

dainik janambhumi June 15, 2025

ডিজিটেল ডেস্ক : ইজৰাইলে কৰা আক্ৰমণৰ পাছত শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈ ইৰানে 'অপৰেশ্যন ট্রু প্রসিজ-৩' নামকৰণেৰে চলোৱা প্রত্যাক্রমণেৰে ইজৰাইলত ব্যাপক ধ্বংসলীলা চলায়। অপাৰেশ্যন ৰাইজিং লায়নৰ অধীনত ইজৰাইলে শুকুৰবাৰে ইৰানৰ নাতাঞ্জৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰাকে ধৰি দেশখনৰ শীৰ্ষ কেইজনমান সামৰিক বিষয়াক লক্ষ্য কৰি আক্ৰমণ কৰিছিল। এই আক্রমণত কেইবাজনো মুখ্য সেনাধ্যক্ষসহ সামৰিক বিষয়া আৰু পাৰমাণবিক বিজ্ঞানী নিহত হৈছিল। তাৰ পাছতে ইৰানে ইজৰাইলৰ সৰ্বাধিক প্ৰতিৰক্ষা তথা সতৰ্কতা থকা অন্যতম সামৰিক ক্ষেত্ৰ টেল আভিভৰ কিৰায়া চৌহদক লক্ষ্য কৰিও আক্ৰমণ কৰে। কিৰায়াক প্ৰায়ে ইজৰাইলৰ পেণ্টাগন বুলি কোৱা হয়। 

উল্লেখযোগ্য যে পেণ্টাগন হৈছে ভার্জিনিয়া ৰাজ্যৰ আর্লিংটনত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ পঞ্চভুজীয় মুখ্য কাৰ্যালয়। তেনেদৰে ইজৰাইলৰ কিৰায়া চৌহদতে আছে ইজৰাইলী প্ৰতিৰক্ষা বাহিনী (আই ডি এফ)ৰ মুখ্য কাৰ্যালয়, প্ৰতিৰক্ষা মন্ত্ৰ্যালয় আৰু গুৰুত্বপূৰ্ণ সামৰিক কমাণ্ড বা বাহিনী আৰু চোৰাংচোৱা গোটৰ কার্যালয়। তদুপৰি এই চৌহদতে আছে ইজৰাইলৰ প্ৰাক্তন প্রধানমন্ত্রীয় য়িটঝাক ৰবিনৰ নামেৰে নামকৰণ কৰা কেম্প ৰবিন। এই কেম্প ৰবিন নামৰ সামৰিক ঘাটিক ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। বাতৰি মতে, ইজৰাইলৰ প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ গভীৰত আঘাত কৰি ইৰানে টেল আভিভৰ সামৰিক কমপ্লেক্সত অবিৰাম মিছাইলেৰে আক্ৰমণ কৰে। আয়াতুল্লা চৈয়দ আলী খামেনেইৰ নেতৃত্বৰ ইৰান ইছলামী প্রজাতন্ত্রই লক্ষ্য স্থিৰ কৰি কৰা আক্ৰমণ ৰোধ কৰাত ব্যর্থ হয় ইজৰাইলৰ প্ৰসিদ্ধ তথা বিশ্ব শ্রেষ্ঠ এয়াৰ ডিফেন্স ছিষ্টেম 'আইৰন ড'ম'। এই সন্দর্ভত মিছাইলে উক্ত অঞ্চলত আঘাত কৰাৰ সামাজিক মাধ্যমৰ দৃশ্যক 'উল্লেখযোগ্য ক্ষতি' বুলি অভিহিত কৰি নিউয়র্ক টাইম্‌ছে এই দৃশ্য সত্য বুলি সাব্যস্ত কৰিছে। 

আনহাতে, ফক্স নিউজৰ মতে, 'এইটো হৈছে পেণ্টাগনৰ ইজৰাইলী সংস্কৰণ কিৰায়া আৰু এই চৌহদৰ ভৱনত বৃহৎ আঘাত।' বাতৰিটোত আৰু কোৱা হৈছে যে ভৱনটোৰ 'উল্লেখযোগ্য ক্ষতি হৈছে।' ভিডিঅ'বোৰত দেখা গৈছে নিশাৰ আকাশত ইজৰাইলী এয়াৰ ডিফেন্স ছিষ্টেমে ইণ্টাৰচেপ্টৰ (ড্ৰ'ন, মিছাইল প্ৰতিৰোধক) বৰ্ষণ কৰিছে আৰু তাৰ পাছতে মধ্য টেল আভিভত এক বিৰাট বিস্ফোৰণ ঘটিছে। ইৰানে নিক্ষেপ কৰা এটা মিছাইলে ইজৰাইলৰ প্ৰতিৰক্ষা অতিক্রম কৰি স্পৰ্শকাতৰ সামৰিক ক্ষেত্ৰত আঘাত হানে। বাতৰি মতে শুকুৰবাৰৰ মাজনিশাৰ পৰা শনিবাৰে পুৱালৈ ইৰানে ইজৰাইলত চাৰি লানি বৃহৎ অবিৰাম মিছাইল আক্রমণ কৰে। ইৰানে দাবী কৰে যে প্ৰথম লানি মিছাইল আক্রমণত আছিল শ শ মিছাইল। অৱশ্যে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মতে প্রথম লানিত প্রায় ২০০ মিছাইল আছিল। এই আক্রমণত ইজৰাইলৰ বহু আৱাসিক ভৱন ভাগি চূৰমাৰ হয়।

Share This