হিমাচলৰ মানালীত প্রবল তুষাৰপাত,বৰফৰ মাজত আবদ্ধ সহস্রাধিক পর্যটক

dainik janambhumi January 27, 2026

ডিজিটেল ডেস্ক: পৰ্যটকৰ বাবে ভূস্বৰ্গ-স্বৰূপ হিমাচল প্ৰদেশৰ মানালীত বছৰৰ প্ৰথম তুষাৰপাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হিমালয়ৰ পাদদেশৰ ৰাজ্যখনত বিশেষকৈ কুল্লু জিলাৰ মানালীত তিনি মাহৰ শুষ্কতাৰ পাছত শুকুৰবাৰৰ পৰা তুষাৰপাত আৰম্ভ হৈছিল। 

হাজাৰ হাজাৰ পৰ্যটক মানালী অভিমুখে যাত্ৰা কৰিছিল যদিও তুষাৰপাতে পৰ্যটকৰ বাবে হিতে বিপৰীত পৰিস্থিতিৰহে সৃষ্টি কৰিলে। প্রচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ ৬৮৫টা পথ বন্ধ হৈ পৰিছে। যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী দীর্ঘ সময় ধৰি নিজ বাহনতেই আবদ্ধ হৈ থাকিব লগা হৈছে। কোঠি আৰু মানালীৰ মাজত ৮ কিল'মিটাৰ দীঘল যান-জঁটৰ সৃষ্টি হয়। 

তদুপৰি ছিমলাৰ পৰা ১০ কিল'মিটাৰ দূৰত্বৰ ঢালিত পথত বৰফৰ ডাঠ আৱৰণ সৃষ্টি হোৱাত বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। ৰাজ্যখনত ২৮ জানুৱাৰী পর্যন্ত প্রচণ্ড বৰষুণ আৰু তুষাৰপাত হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে।

Share This