কেদাৰনাথলৈ হেলিকপ্টাৰ সেৱা পুনৰ আৰম্ভ

dainik janambhumi May 11, 2025

ডিজিটেল ডেস্ক : এয়াৰ ট্রেফিক কন্ট্র'ল অর্থাৎ এ টি চিৰ পৰা সেউজ সংকেত পোৱাৰ পাছতে উত্তৰাখণ্ডৰ কেদাৰনাথ ধামৰ বাবে হেলিকপ্টাৰ সেৱা পুনৰ আৰম্ভকৰা হৈছে। 

এ টি চিয়ে দেশৰ সকলো বিমান সেৱাৰ পৰ্যালোচনা কৰাৰ পাছত চাৰধাম যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনুমতি প্রদান কৰিছে। কেদাৰনাথৰ বাবে হেলিকপ্টাৰ সেৱা কেইঘণ্টামানৰ বাবে বন্ধ আছিল যদিও বর্তমান স্বাভাৱিক প্ৰক্ৰিয়াৰে চলি আছে। 

উল্লেখযোগ্য যে ভাৰত- পাকৰ মাজত চলি থকা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বিমান সেৱা আস্থায়ীভাৱে শুকুৰবাৰৰ পৰা বন্ধ হৈ আছিল।

Share This