মধুমিতাৰ একলম ......
Dainik Janambhumi
October 25, 2024
ডিজিটেল ডেস্কঃ ঋতু সলনি হৈছে, বতৰ সলনি হৈছে। তাৰ লগে লগে সৌন্দৰ্য চৰ্চাৰ ধৰণ সলনি কৰিবৰ হৈছে। কোন ঋতুত কি ওলায় মনত ৰাখিহে সেই বস্তু বা দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। যেনে সাধাৰণ সামগ্ৰী কেঁচা হালধিৰ কথাকে কওঁ, কোন সময়ত মাটিৰ পৰা ওলায়? সেই সময়ত কেঁচা হালধি ছালত লগালে কামত দিব। পিছলৈ লগালে হয়তো বেছি কাঢ়াকৈ ৰং লাগিব। তেনেদৰে আম ওলোৱা বতৰত আম লগালে কামত দিয়ে।
অৱশ্যে চাউল, আটা, দাইল আদিৰ কথা সুকীয়া। সেইবোৰ অন্ন। অন্নসমূহ বছৰৰ সকলো সময়তেই উপযোগী। তাৰে ভিতৰত যিবিধ আমাৰ Staple food সেইবিধহে আমাৰ কামত আহিব। অসমীয়া মানুহৰ Staple food হৈছে চাউল আৰু তাৰ পৰা তৈয়াৰী বিভিন্ন খাদ্য যেনে ভাত, পিঠা,চিৰা,মুড়ি, হুৰুম, আখৈ, সান্দহ ইত্যাদি। এইবোৰৰ পৰাহে আমি উপকাৰ পাম। দুখৰ কথা এই যে অসমীয়া মানুহে বৰ নকল কৰে , বেয়া নাপাব। আন সম্প্ৰদায়ৰ খাদ্য যেনে আটাৰ ৰুটী, ব্ৰেড, বিস্কুট, কেক টকালি পাৰি খাব , কিন্তু নিজৰ ভাত, পিঠা, চিৰা নাখায়। পেট বেয়া হয় হেনো, শকত হয় হেনো। পিছে চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম, মালয়েছিয়া আদি দেশৰ মানুহে প্ৰতি দিনেই তিনিৰ পৰা পাচঁ সাজকৈ ভাত বা চাউলৰ খাদ্য খায়। তেওঁলোকৰ দেখোন শৰীৰ আটিল, চৰ্বিবিহীন । শক্তিও যথেষ্ট। অলপতে হৈ যোৱা খেলৰ অলিম্পিক আৰু ৰ্ৱল্ড স্কিলছৰ অলিম্পিকত চীন, জাপান, কোৰিয়া দেশকেইখনে আটাইতকৈ বেছি মেডেল আনিবলৈ সক্ষম হৈছে। বৈজ্ঞানিকসকলেও কয় যে আটাত গ্লুটন (Gluton) থাকে বাবে ইয়াক খালে বেছি শকত হয়, ছাল সোনকালে বেয়া হয়। নিজেও অলপ কথাষাৰ মন কৰিবচোন।
এই বতৰত কি কি ওলাইছে , মন কৰক। হালধি, আদা, তুলসী, অপৰাজিতা, শেৱালি, কেঁচা কমলা, ৰবাব টেঙা, গজালি মেলা যৱধানৰ সীহ , পদুম ফুল, আহু চাউল ইত্যাদি। এইবোৰৰ বিভিন্ন ধৰণৰ দ্ৰব্য বনাই ব্যৱহাৰ কৰিব পাৰে। এইখিনিতে সীমাবদ্ধ নেথাকি নিজেও অলপ মন কৰিব।
অইন নালাগে এচিকুট তিল, আহু চাউল, বগা অপৰাজিতা দুপাহমান বা শেৱালী বা জবা দুডালমান , দূবৰি, অকমান, কেঁচা হালধি এঘটি পৰিষ্কাৰ পানীত ডুবাই থব। এঘণ্টাৰ পাছত এই পানীখিনি ছাল- চুলিত লগাবচোন । পৃথিৱীৰ আটাইতকৈ দামী ট'নাৰেও পাট্টা নাপায়।
তেনেদৰে বিভিন্ন বতৰৰ দ্ৰব্যৰে ছাল আৰু চুলিৰ যত্ন ল'ব, চিৰসেউজ হৈ থাকিব পাৰিব। উল্লেখযোগ্য যে ছিগনেশ্বাৰৰ সকলো প্ৰডাক্ট ঋতু আৰু বতৰৰ লগত মিলাই থলুৱা সামগ্ৰীৰে তৈয়াৰ কৰা হয় । ই উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ছাল চুলিৰ বাবে উত্তম। আপুনিও ব্যৱহাৰ কৰি চিৰসেউজ হৈ থাকক। ইমান দিনে বহিৰাগত ব্ৰেণ্ড ব্যৱহাৰ কৰি আহিছে, এতিয়া থলুৱা ব্ৰেণ্ড লগাই থলুৱা লোকৰ উপকাৰ কৰি জাতীয়তাবাদী হওকচোন ।
( আজিৰ লেখাটো পঢ়ি কেনে পালে জনাবচোন, ভাল লাগে feedback পালে। অইন কোনো প্ৰশ্ন থাকিলেও ৯৪৩৫০৪৬৫১৬ ত ৱাটছএপ কৰি জনাব পাৰে।)
Share This