ডিজিটেল ডেস্ক : গুগল্ মীটযোগে কালি দিনৰ দুই বজাত অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা পদুমী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি সৰ্বসন্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰা হয়। অসম লেখিকা সমাজে প্ৰতিবছৰে দুগৰাকী প্রথিতযশা ব্যক্তিক যুটীয়াভাৱে লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণী 'মাটি-মানুহ-সমন্বয় বঁটা' প্রদান কৰি আহিছে। এইবাৰ ধেমাজি জিলাৰ শিক্ষাবিদ, সমাজকৰ্মী ৰঞ্জিৎ গগৈ আৰু গুৱাহাটীৰ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী শাৰদী শইকীয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে।
বিশিষ্ট বৰঙনিৰে অসমৰ সমাজ জীৱন সমৃদ্ধ কৰাৰ বাবে তেওঁলোকক এই সন্মানেৰে বিভূষিত কৰা হৈছে। লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণী মাটি-মানুহ-সমন্বয় বঁটাৰ ন্যাসদাতা অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত বিত্তীয় উপদেষ্টা পৰমানন্দ কামান আৰু প্ৰভাৱতী গগৈ সোঁৱৰণী জয়মতী বঁটাৰ ন্যাস দাতা অসম লেখিকা সমাজৰ উপ-সভাপতি নীলিমা গগৈ। অহা ৯ আগষ্ট, দেওবাৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু ধেমাজি জিলা লেখিকা সমাজৰ সহযোগত কেন্দ্রীয়ভাৱে ধেমাজি জিলাৰ গোগামুখস্থিত আবতানি লত্তা (মিচিং কৃষ্টি ভৱন) ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আন্তর্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি মাটি-মানুহ-সমন্বয় দিৱস উদ্যাপিত হ'ব আৰু এই দিৱস উদযাপনৰ মুকলি সভাতে ওপৰোল্লিখিত বঁটাসমূহ প্ৰদান কৰা হ'ব। মুকলি সভাতে ৰত্না ৰংচেহনপীয়ে সম্পাদনা কৰা বহুভাষিক কবিতা সংকলন 'মুকুলিত ছন্দ', যোগ গগৈয়ে সম্পাদনা কৰা স্মৃতিগ্রন্থ 'মাটিৰ সুবাস', নীলিমা গগৈ আৰু তপন লালে সম্পাদনা কৰা ই-আলোচনী 'প্রয়াস', মাধুৰী দাসৰ গল্প সংকলন 'বান্ধোন' আৰু পূর্ণিমা ফুকনৰ শিশু গ্ৰন্থ 'মইনাহঁতৰ মৌ মাত' উন্মোচন কৰা হ'ব।
কালিৰ সভাত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে প্রধান সম্পাদক বৰ্ণালী দত্ত বৰাৰ অবৰ্তমানত নতুন সমিতি গঠন নোহোৱা পর্যন্ত জ্যোতি মালাকৰ কাকতীয়ে ভাৰপ্ৰাপ্ত প্রধান সম্পাদক আৰু জুনুমণি গগৈয়ে ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে সমিতিৰ কাম-কাজ চলাই যাব। আনবাৰৰ দৰে এইবাৰো ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে লেখিকাসকলৰ মাজত কবিতা, গল্প, আৰু প্ৰবন্ধৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কবিতা, গল্প আৰু প্ৰবন্ধ সমূহ ৰেণু মহন্ত, মেঘমল্লাৰ হাউছিং কমপ্লেক্স, ব্লক এ ২/০০৪ শেৱালি পথ, হাতীগাঁও, গুৱাহাটী-২৮ ঠিকনাত পঠিয়াব পাৰিব আৰু যোগদানৰ শেষ তাৰিখ ৩০ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে।
প্রতিষ্ঠা দিৱসৰ উপলক্ষে 'লৰিয়লি' অনুষ্ঠানৰ যোগেদি শিশুসকলৰ মাজত আৰু 'সখিয়তী' অনুষ্ঠানৰ যোগেদি গাভৰুসকলৰ মাজত নাটক প্রতিযোগিতা পাতিবলৈয়ো প্ৰস্তাৱ গ্ৰহণ কৰে। লৰিয়লি অনুষ্ঠান পৰিচালনা কৰিবৰ বাবে ড° কৰবী গগৈ আৰু অনিতা গগৈক দায়িত্ব দিয়া হয়। সখিয়তী অনুষ্ঠান পৰিচালনা কৰিবৰ বাবে যোগমায়া সন্দিকৈ শইকীয়া আৰু নীলাঞ্জনা পাচনিক দায়িত্ব দিয়া হয়। কালিৰ সভাত 'অসমৰ বৰেণ্য নাৰী' ১ম খণ্ডৰ সন্দৰ্ভতো সদর্থক আলোচনা হয়। শলাগৰ শৰাইৰে সামৰণি পৰা সভাখন আঁত ধৰে সম্পাদক জ্যোতি মালাকৰ কাকতীয়ে।