ডিজিটেল ডেস্ক: কাছাৰত পৃথক পৃথক অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সংবাদমেলত জনোৱা অনুসৰি গোপন তথ্যৰ ভিত্তিত শিলচৰ থানাৰ অধীনস্থ ৰামনগৰ বাইপাছ অঞ্চলৰ চাংগাই হোটেলৰ ওচৰত মাদক দ্ৰব্য বিৰোধী অভিযান চলোৱা হয়।
অভিযানৰ সময়ত এএছ-০১-এনচি-৮৮৯৩ নম্বৰৰ এখন ট্ৰাক জব্দ কৰা হয়। ট্ৰাকখনৰ গোপন কোঠাত লুকুৱাই ৰখা ১৫০টা চাবোনৰ কেচত সন্দেহযুক্ত হেৰোইন উদ্ধাৰ হয়। হেৰোইনৰ ওজন ২.২ কেজি।
ট্ৰাকখন মিজোৰামৰ চাম্পাই জিলাৰ পৰা আহিছিল। আব্দুল ৰহিম লস্কৰ নামৰ এজন পাচাৰকাৰীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কাছাৰ জিলাৰ ধলাই থানাৰ অধীনস্থ ফ্ৰেঞ্চ নগৰ বাসিন্দা। জব্দকৃত হেৰোইনৰ বজাৰ মূল্য ১৩ কোটি টকা। তেওঁ আৰু জানিবলৈ দিয়ে আন এক অভিযানত কাছাৰ আৰক্ষীয়ে কালাইন থানাৰ অধীনস্থ ভৈৰৱপুৰ প্ৰথম খণ্ডৰ বাসিন্দা জাইৰুল ইছলাম নামৰ এক ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তেওঁৰ লগত থকা এটা বেগৰ পৰা ১০,০০০টা য়াবা টেবলেট উদ্ধাৰ হয়। যাৰ বজাৰ মূল্য ১ কোটি টকা।
দুয়োটা অভিযানত উদ্ধাৰ হোৱা মাদক দ্ৰব্যৰ মুঠ আনুমানিক মূল্য প্ৰায় ১৪ কোটি টকা।
উৎস : প্ৰাগ নিউজ ডিজিটেল