ডিজিটেল ডেস্ক : 'বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল'ৰ যোৱা ১১ ছেপ্টেম্বৰত প্ৰকাশ পোৱা ষষ্ঠ সংস্কৰণত 'ষ্টেট অব দ্য ৱৰ্ল্ডছ বাৰ্ডছ' নামৰ প্ৰতিবেদনত বিশ্বৰ পৰিভ্ৰমী চৰাই আৰু সিহঁতে ব্যৱহাৰ কৰা উৰণ পথ বা পৰিভ্ৰমণ পথ সম্পর্কে এক উদ্বেগজনক তথ্য প্রকাশ পাইছে। এই প্রতিবেদনখনত উল্লেখ কৰা আটাইতকৈ চিন্তনীয় বিষয়টো হ'ল সমগ্র বিশ্বজুৰি ৪৫ শতাংশ পৰিভ্ৰমী চৰাইৰ সংখ্যা হ্রাস পাইছে।
বার্ডলাইফৰ এই প্ৰতিবেদনত পৰিভ্ৰমী চৰাই আৰু সিহঁতৰ পৰিভ্ৰমণ পথৰ ওপৰত কৰা বিশ্লেষণত পাইছে যে বিশ্বৰ পৰিভ্ৰমী চৰাইৰ সংখ্যা দ্রুতগতিত হ্রাস পাইছে, ইয়াৰ প্ৰধান কাৰণ মানুহৰ কাৰ্যকলাপ। বিশ্বৰ বিভিন্ন দেশ, মহাদেশ আৰু সাগৰ অতিক্ৰম কৰি প্ৰতি বছৰে কোটি কোটি চৰায়ে পৰিভ্ৰমণ কৰে। এই চৰাইবোৰে প্ৰজননস্থলী, বিশ্রাম আৰু খাদ্য সংগ্ৰহৰ স্থান, শীতকালীন বাসস্থানৰ মাজত নির্দিষ্ট পথ ব্যৱহাৰ কৰে। এই বৃহৎ পৰিভ্ৰমণ পথক
'ফ্লাইৱে' বুলি কোৱা হয়। বিশ্বৰ প্ৰতিখন দেশেই কিবা নহয় কিবা প্ৰকাৰে এই আন্তঃৰাষ্ট্ৰীয় চৰাই পৰিভ্ৰমণ নেটৱৰ্কৰ সৈতে সংযুক্ত। বাৰ্ডলাইফৰ বিশ্লেষণ অনুসৰি বিশ্বত স্বীকৃত ১,৮৪৩ টা সম্পূৰ্ণ পৰিভ্ৰমী চৰাই প্ৰজাতিৰ ভিতৰত ৪৫ শতাংশৰ সংখ্যা হ্রাস পাইছে। ৩০ শতাংশৰ অৱস্থা স্থিৰ, ১৪ শতাংশৰ সংখ্যা বৃদ্ধি পাইছে আৰু ১১ শতাংশৰ সংখ্যাৰ ধাৰা সম্পর্কে পর্যাপ্ত তথ্য নাই। এই পৰিস্থিতি বিশেষকৈ পূব এছিয়া, অষ্ট্ৰেলিয়া ফ্লাইৱে'ত উদ্বেগজনক। এই পথ ব্যৱহাৰ কৰা ৫৩ শতাংশ পৰিভ্ৰমী প্ৰজাতিৰ সংখ্যা হ্রাস পাইছে। সামুদ্রিক 'ফ্লাইৱে' ব্যৱহাৰ কৰা প্রজাতিৰ ক্ষেত্ৰতো ৫০ শতাংশ হ্ৰাসৰ সন্মুখীন। পৰিভ্ৰমী জলাভূমি/উপকূলীয় চৰাইৰ মাজত ৫৪ শতাংশ আৰু সামুদ্রিক চৰাইৰ মাজত ৪৯ শতাংশ হ্ৰাসৰ ধাৰা দেখা গৈছে। বিলুপ্তিৰ আশংকাত বহু প্ৰজাতিৰ কথাও প্রতিবেদনত উল্লেখ কৰিছে।
প্রতিবেদন অনুসৰি প্ৰতি ৯ টা পৰিভ্ৰমী চৰাই প্ৰজাতিৰ ভিতৰত এটা বিলুপ্তিৰ ভাবুকিত আছে। বিগত ১৫০ বছৰত ৭টা প্রজাতি বিলুপ্ত বা সম্ভাব্যভাৱে বিলুপ্ত হৈছে। ২০২৫ চনত Slender-billed Curlew-ৰ বিলুপ্তি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়, যিটো সাম্প্রতিক শতিকাসমূহত মূল ভূখণ্ড ইউৰেছিয়া আৰু আফ্রিকাত সংঘটিত হোৱা প্ৰথম নিশ্চিত বিশ্বব্যাপী চৰাই বিলুপ্তি বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে। প্রতিবেদনখনে চৰাইক পৃথিৱীৰ পৰিৱেশ-স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ সূচক হিচাপে গণ্য কৰিছে।
বিশ্বৰ প্ৰায় ১১,০০০ চৰাই প্ৰজাতিৰ তথ্যৰ ওপৰত এই মূল্যায়ন কৰা হৈছে।প্রতিবেদনত পৰিভ্ৰমী চৰাইৰ সংকটৰ মূল কাৰণ হিচাপে উল্লেখ কৰা কাৰণসমূহ ক্রমে- বাসস্থান ধ্বংস আৰু খণ্ডিতকৰণ, কৃষিৰ সম্প্ৰসাৰণ আৰু অধিক কৃত্রিম কৃষি পদ্ধতি, জলবায়ু পৰিৱৰ্তন, অবৈধ চিকাৰ আৰু ফান্দ, প্রদূষণ, আগ্রাসী বিদেশী প্রজাতি আৰু ৰোগ, নগৰ আৰু বাণিজ্যিক উন্নয়ন, মানুহৰ অতিৰিক্ত উৎপাত, বিদ্যুৎ আৰু অন্যান্য শক্তি আন্তঃগাঁথনি, মাছ ধৰাৰ সময়ত চৰাইৰ মৃত্যু আৰু বনাঞ্চল ধ্বংস বা গছ কটা। চৰাই কেৱল জৈৱ-বৈচিত্র্যৰ অংশ নহয়; মানুহৰ জীৱন আৰু অৰ্থনীতিৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে। চৰায়ে পোক-পৰুৱা নিয়ন্ত্রণ, পৰাগযোগ, বীজ বিস্তাৰ আৰু পুষ্টি চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশ্বজুৰি চৰায়ে বছৰি আনুমানিক ৪০০-৫০০ মিলিয়ন টন পোক-পৰুৱা খায় বুলি প্রতিবেদনত কোৱা হৈছে। জলাহ ভূমি, অৰণ্য, ঘাঁহনি আৰু বোকামাটিৰ উপকূলীয় অঞ্চলসমূহ চৰাইৰ গুৰুত্বপূৰ্ণ বাসস্থান হোৱাৰ লগতে মানুহক বান নিয়ন্ত্রণ, পানী বিশুদ্ধকৰণ, কাৰ্বন সংৰক্ষণ, খাদ্য আৰু জীৱিকাৰ সুবিধা দিয়ে। বিশ্বৰ জলাহ ভূমিয়ে বছৰি আনুমানিক ৭.৯৮-৩৯.০১ ত্রিলিয়ন ডলাৰ মূল্যৰ সুবিধা মানুহক প্ৰদান কৰে আৰু এক বিলিয়নতকৈ অধিক লোকৰ জীৱিকাৰ সৈতে জড়িত। প্রতিবেদনখনৰ মতে সমাধানসমূহ ইতিমধ্যে যথেষ্ট পৰিমাণে চিনাক্ত হৈছে। প্রথমতে পৰিভ্ৰমী চৰাইৰ গুৰুত্বপূৰ্ণ বাসস্থান আৰু Key Biodiversity Areas (KBA) সংৰক্ষণ আৰু ফলপ্রসূভাৱে পৰিচালনা কৰিব লাগিব। লগতে ধ্বংস হোৱা বাসস্থান পুনৰুদ্ধাৰ, আগ্রাসী বিদেশী প্রজাতি নিয়ন্ত্রণ, বহনক্ষম কৃষি আৰু বন ব্যৱস্থাপনা, অবৈধ চিকাৰ বন্ধ, প্রদূষণ হ্রাস আৰু বিদ্যুৎ তথা অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিকাৰক প্ৰভাৱ কমাব লাগিব।
বিশেষ গুৰুত্বপূৰ্ণ তথ্য হ'ল-বিলুপ্তিৰ ভাবুকিত থকা পৰিভ্ৰমী চৰাইৰ ৭২ শতাংশৰ বাবে স্থলভূমি ব্যৱস্থাপনা আৰু ৫৭ শতাংশৰ বাবে জলসম্পদ ব্যৱস্থাপনা, সংৰক্ষণৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা হৈছে। প্রায় ৩১ শতাংশ প্ৰজাতিৰ বাবে বিশেষ লক্ষ্যভিত্তিক ব্যৱস্থা, যেনে চিকাৰ, বাণিজ্য নিয়ন্ত্রণ, captive breeding বা পুনৰ প্ৰৱৰ্তন-প্রয়োজন। এই প্রতিবেদনখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পৰিভ্ৰমী চৰাইক এখন দেশ বা এটা সংৰক্ষিত এলেকাৰ ভিতৰত সংৰক্ষণ কৰিলেই নহ'ব; সম্পূর্ণ 'ফ্লাইৱে'টোৰ সংৰক্ষণ প্রয়োজন। কাৰণ এটা চৰাইৰ জীৱনচক্ৰ বহু দেশৰ বহু বাসস্থানৰ সৈতে জড়িত। কোনো এখন দেশত বাসস্থান ধ্বংস বা অবৈধ চিকাৰ চলি থাকিলে আন দেশৰ সংৰক্ষণ প্রচেষ্টাও ব্যৰ্থ হ'ব পাৰে। বার্ডলাইফে দেশসমূহৰ মাজত সমন্বিত সংৰক্ষণ, স্থানীয় জনগোষ্ঠী আৰু থলুৱা লোকৰ অংশগ্রহণ, শক্তিশালী আইন, বৈজ্ঞানিক পর্যবেক্ষণ আৰু অধিক বিনিয়োগৰ ওপৰত জোৰ দিছে।