ডিজিটেল ডেস্ক : সমাগত গণৰাজ্য দিৱসত সন্ত্রাসবাদীৰ আক্ৰমণৰ আশংকা কৰি সমগ্র দেশতে হাই এলার্ট জাৰি কৰা হৈছে। চোৰাংচোৱা সংস্থাসমূহে প্রকাশ কৰা অনুসৰি, অযোধ্যাৰ ৰাম মন্দিৰ, জন্মৰ ৰঘুনাথ মন্দিৰ আৰু দিল্লীৰ দৰে মহানগৰসমূহত সন্ত্রাসবাদীয়ে আক্রমণ কৰিব বুলি আশংকা কৰিছে। এই সন্দৰ্ভত চোৰাংচোৱা সংস্থাই '২৬-২৬' ক'ডৰ নামত ৰচনা কৰা এটা ষড়যন্ত্ৰ ধৰা পেলাইছে। গণৰাজ্য দিৱসৰ পূর্বে পাকিস্তানী সন্ত্রাসবাদীৰ ক'ড নামত '২৬-২৬' ষড়যন্ত্ৰটো ধৰা পেলাইছে চোৰাংচোৱা সংস্থাসমূহে। চোৰাংচোৱাৰ হাতত পৰা তথ্য অনুসৰি, ২৬ জানুৱাৰীৰ পূৰ্বে পাকিস্তানী সন্ত্রাসবাদীয়ে ভাৰতত আক্ৰমণৰ এটা পৰিকল্পনা কৰিছে আৰু এই সন্ত্রাস আক্ৰমণৰ ক'ড নাম দিয়া হৈছে '২৬-২৬'।
পাকিস্তানস্থিত সন্ত্রাসবাদীয়ে দেশৰ ডাঙৰ মন্দিৰসমূহত আক্ৰমণৰ লক্ষ্য কৰাৰ পৰিকল্পনা কৰিছে। এই গোপন খবৰ লাভ কৰি নিৰাপত্তা বাহিনীয়ে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা আৰম্ভ কৰি ৰাজধানী নতুন দিল্লীলৈকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে আৰু হাই এলার্ট জাৰি কৰিছে। পাকিস্তানী সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদ আৰু পঞ্জাব-ভিত্তিক গেংষ্টাৰে এই আক্ৰমণৰ পৰিকল্পনা কৰাৰ তথ্য লাভকৰিছে চোৰাংচোৱা সংস্থাসমূহে। চোৰাংচোৱা সংস্থাসমূহে দেশৰ সামাজিক মাধ্যমৰ একাউন্টসমূহত চোকা নজৰ ৰাখিছে।
গণতন্ত্র দিৱসৰ সময়ত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত সন্ত্রাসবাদীৰ প'ষ্টাৰ লগোৱা হৈছে। দিল্লীত সন্ত্রাসবাদীৰ প'ষ্টাৰ লগোৱা হৈছে প্ৰথমবাৰৰ বাবে। মহম্মদ ৰেহান নামৰ এটা জৈছৰ সন্ত্রাসবাদীৰ প'ষ্টাৰ বিশেষকৈ লগোৱা হৈছে দিল্লীত। এই সন্ত্রাসবাদীটো ২০১৬ চনৰ পৰা পলাতক হৈ আছে। ঠিক সেইদৰে, জম্মু-কাশ্মীৰতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। পাকিস্তানী সন্ত্ৰাসবাদীয়ে যাতে অনুপ্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে চোকা নজৰ ৰখা হৈছে।