ডিজিটেল ডেস্ক : মানৱতাৰ বিৰুদ্ধে অপৰাধ, গণহত্যাৰ গোচৰত অভিযুক্ত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিচাৰৰ ৰায়ৰ দিন বৃহস্পতিবাৰে ঘোষণা কৰিব আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে।
আনহাতে, শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগ দলে সমগ্র বাংলাদেশত লকডাউনৰ আহ্বান জনাইছে। বৃহস্পতিবাৰে পুৱাৰ পৰা সন্ধিয়ালৈকে আহ্বান জনোৱা এই লকডাউন কাৰ্যসূচীত অংশ ল'বলৈ বাংলাদেশৰ সকলো স্তৰৰ নাগৰিককে আহ্বান জনাইছে আৱামী লীগে।
আনহাতে, শ্বেখ হাছিনাৰ বিচাৰৰ ৰায়ৰ দিন ঘোষণাৰ পূর্বে বাংলাদেশত প্রবল উত্তেজনা সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশখনৰ অন্তৱৰ্তী চৰকাৰে বাংলাদেশত হাই এলার্ট জাৰি কৰিছে। সেনা আৰু আৰক্ষীক বিমান বন্দৰ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত মোতায়েন কৰা হৈছে।