ডিজিটেল ডেস্ক: ৰাজহুৱাকৈ 'ঘৃণা বিয়পোৱা ভাষণ' দিয়াৰ অভিযোগ উত্থাপন হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ উপৰি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈয়ো জাননী জাৰি কৰে ন্যায়ালয়ে।
উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱা স্থানত ঘৃণা বিয়পোৱা বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা তিনিখনকৈ ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ আজি শুনানি গ্রহণ কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান তথা বিশিষ্ট কবি হৰেকৃষ্ণ ডেকা আৰু নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ লগতে চি পি আই (এম) দলৰ সুপ্রকাশ তালুকদাৰ আৰু চি পি আই দলৰ কনক গগৈয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে পৃথকে পৃথকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তেওঁলোকে প্রথমে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল যদিও উচ্চতম ন্যায়ালয়ে গোচৰকেইটা গুৱাহাটী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিছিল।
কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে শুনানি গ্রহণ কৰে। আৱেদনকাৰীৰ হৈ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী, চন্দৰ উদয় সিং আৰু মীনাক্ষি অৰোৰাই যুক্তি প্রদর্শন কৰে। আদালতে দুয়োপক্ষৰ শুনানি গ্রহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আনুষ্ঠানিকভাৱে জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে। তেওঁলোকৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈয়ো জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে। আনহাতে, গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অর্থাৎ ব'হাগ বিহুৰ পাছত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে আৱেদনকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত যোৱা ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পৰামৰ্শ দিছিল। ইয়াৰ পাছতে আৱেদনকাৰীসকলে যোৱা ২১ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আৱেদনকাৰীসকলে অভিযোগ কৰে যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিশেষকৈ মিঞা মুছলমানসকলক লক্ষ্য কৰি দিয়া মন্তব্যই সমাজত বিভাজনৰ সৃষ্টি কৰাৰ আশংকা আছে।
শেহতীয়াকৈ অসম প্রদেশ বিজেপিৰ ছ'চিয়েল মিডিয়া একাউণ্টত প্রকাশ পোৱা এটা বিতর্কিত এনিমেটেড ভিডিঅ'ৰ প্ৰসংগও আৱেদনত উল্লেখ কৰা হৈছে। এই ভিডিঅ'টোত এজন ব্যক্তিক গুলীওৱাৰ দৃশ্য দেখুওৱা হৈছিল বুলি আৱেদনকাৰীয়ে আদালতক জনায়। তেওঁলোকে এই সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিবলৈও ন্যায়ালয়ক দাবী কৰে।