'হাই ছিকিউৰিটি জ'ন'ত ভিডিঅ'গ্রাফী, ফটো তোলাত নিষেধাজ্ঞা

dainik janambhumi September 13, 2025

ডিজিটেল ডেস্কঃ 'হাই ছিকিউৰিটি জ'ন' হিচাপে ঘোষণা কৰা মূল চৌহদসমূহত সামাজিক মাধ্যমৰ ৰীল বনোৱা আৰু ভিডিঅ'গ্ৰাফী কৰা, ফটো তোলা নিষিদ্ধ কৰিছে উচ্চতম ন্যায়ালয়ে। যোৱা ১০ ছেপ্টেম্বৰত এখন অধিসূচনা জাৰি কৰি শীৰ্ষতম আদালতখনে সংবাদ মাধ্যমৰ লোকসকলক নির্দেশ দিয়ে যে 'ল' ছিকিউৰিটি জ'ন'ত থকা মনোনীত এলেকাতহে বাতৰিৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সাক্ষাৎকাৰ আদি ল'ব পাৰিব।

'হাই ছিকিউৰিটি'ৰ এলেকাত ফটোগ্রাফীৰ বাবে ম'বাইল ফ'ন আৰু ভিডিঅ'গ্ৰাফী নিষিদ্ধ কৰা হৈছে। ভিডিঅ'গ্ৰাফীৰ বাবে কেমেৰা, ট্রাইপড, ছেলফি ষ্টিকৰ দৰে সঁজুলি, ৰীল বনোৱা আৰু ফটো তোলা আদি 'হাই ছিকিউৰিটি জ'ন'ত নিষিদ্ধ কৰা হৈছে। কেৱল চৰকাৰী কামৰ বাবেহে এইবোৰ ব্যৱহাৰ কৰিব পাৰিব। এই আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উচ্চতম ন্যায়ালয়ে সকীয়াই দিয়ে।

সংবাদ মাধ্যমৰ লোকে এই নিষেধাজ্ঞা ভংগ কৰিলে এমাহৰ বাবে তেওঁলোকক 'হাই ছিকিউৰিটি জ'ন'ত প্ৰৱেশত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ে জাৰি কৰিব।

Share This