ডিজিটেল ডেস্ক : প্রায় তিনি লাখ পৰীক্ষাৰ্থীৰ প্ৰতীক্ষাৰ আজি অন্ত পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি চলিত বর্ষত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।মেট্ৰিকৰ দৰে আজি পুৱা ১০-৩০ বজাত উচ্চতৰ মাধ্যমিকৰ ফলাফলো অনলাইনযোগে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পাছত কালি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱেও আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰে।
আনুষ্ঠানিকভাবে ফলাফল ঘোষণা কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে পৰিষদৰ ৱেবছাইটৰ জৰিয়তে নিজৰ ফলাফল আৰু নম্বৰ তালিকা লাভ কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে ahsec.assam.gov.in বা resultsassam.nic.in বে'বছাইটযোগেও ফলাফল লাভ কৰিব পাৰিব। ডিজিলকাৰ এপৰ জৰিয়তেও পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ৱেবছাইটত নম্বৰ তালিকা লাভ কৰিলেও মূল নম্বৰ তালিকা আৰু প্ৰমাণ-পত্ৰ নিজ নিজ বিদ্যালয়ৰ পৰাই লাভ কৰিব। লক্ষণীয় যে চলিত বর্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ২,৪৭,৮৬৫গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১,০২,৬৪৮গৰাকী ছাত্র, ১,৪৫,২১৬গৰাকী ছাত্ৰী আৰু এজন তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল। একেদৰে বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৪,৮০১ ছাত্র, ২৬,৭৬৬ ছাত্রী আৰু এগৰাকী তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল।
আনহাতে, বাণিজ্য শাখাত এইবাৰ অৱতীৰ্ণ হোৱা মুঠ ১৯,৮০৬গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৩,৭৮২গৰাকী ছাত্ৰ আৰু ৬,০২৪গৰাকী ছাত্রী। বৃত্তিমুখী শাখাত অৱতীৰ্ণ হোৱা ১,৫০৫ পৰীক্ষাৰ্থীৰ ভিতৰত ৮৮৭গৰাকী ছাত্ৰ আৰু ৬১৮গৰাকী ছাত্রী। যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ ৰাজ্যৰ ৮২১টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল।