ডিজিটেল ডেস্কঃ এই দীপাৱলী উৎসৱৰ সময়ত ফুটোৱা আতচবাজীয়ে বায়ুমণ্ডলত অতি বিষাক্ত গধুৰ ধাতু বিয়পাই দিছে। পৰিৱেশ প্ৰদূষণৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাই (এনজিঅ') এই কথা কয়। দীপাৱলীৰ আগলৈকে থকা এই বছৰৰ দীঘলীয়া বাৰিষাই আতচবাজীৰ পৰিণাম বায়ুৰ মানৰ স্তৰৰ অৱনতি তাৎক্ষণিকভাৱে দৃশ্যমান কৰি তুলিলে। বিষাক্ত আতচবাজী ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা তথা স্বাস্থ্যৰ প্ৰতিকূল পৰিণামৰ পৰা নাগৰিকক সুৰক্ষা দিয়াত বিফল হোৱা বাবে মুম্বাইস্থিত উক্ত বেচৰকাৰী সংস্থাটোৱে ৰাজ্য চৰকাৰক দোষাৰোপ কৰে।
কি কি ৰাসায়নিক দ্রব্য আছে সেইকথা পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন কোম্পানীৰ ২৫ ধৰণৰ আতচবাজীৰ এখন তালিকাও সংস্থাটোৱে প্রকাশ কৰে। সংস্থাটোৱে দাবী কৰে যে বেছিভাগ আতচবাজীতেই ধ্বনিৰ (নইজ) পর্যায় উল্লেখ কৰা হোৱা নাই। সংস্থাটোৱে দাবী কৰে যে বহু আতচবাজীত ছপা কৰি প্ৰকাশ কৰা ৰাসায়নিক সংমিশ্রণ পৰীক্ষাৰ সময়ত পোৱা প্ৰকৃত সংমিশ্রণতকৈ পৃথক।
উদাহৰণস্বৰূপে ব্লুবেৰী আতচবাজীত লিখা হৈছে যে সংমিশ্রণত পটাছিয়াম নাইট্রেট ৫৫ শতাংশ, এলুমিনিয়াম ২০ শতাংশ, ছালফাৰ ১৫ শতাংশ আৰু জিঅ'লাইট ১০ শতাংশ আছে। কিন্তু পৰীক্ষাগাৰৰ বিশ্লেষণত পোৱা গৈছে যে এলুমিনিয়াম ৩৬.৫৭১ শতাংশ, পটাছিয়াম ১৬.৮৫১ শতাংশ, ছালফাৰ ৪.০৪৫ শতাংশ, ছিলিকন ০.১৪৮ শতাংশ আৰু অক্সিজেন ৪২.২৪৯ শতাংশ আছে।