হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত

dainik janambhumi July 02, 2025

ডিজিটেল ডেস্ক: কাজাখস্তান, যিখন দেশৰ জনসংখ্যাৰ ৭০ শতাংশই হৈছে মুছলমান সম্প্রদায়ৰ, এই দেশখনত নিৰাপত্তাৰ বাবে ৰাজহুৱা স্থানত 'নিকাব'ৰ দৰে মুখ ঢকা কাপোৰ পৰিধান কৰাটো নিষিদ্ধ কৰা হৈছে। এই ব্যৱস্থা নিষিদ্ধ কৰি দেশখনে ইয়াৰ ধৰ্মনিৰপেক্ষতা বজাই ৰখাটো নিশ্চিত কৰিলে। দেশখনৰ ৭০ শতাংশ লোকে ইছলাম ধৰ্মত বিশ্বাস কৰে, দেশখনৰ ৰাষ্ট্ৰপতি মুছলমান, সেইখন দেশতে মহিলাসকলক মুখ আৱৰি ৰাখি কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা দিয়া হৈছে।

কাজাখস্তানৰ সংসদে অলপতে এই সন্দর্ভত এখন গুৰুত্বপূর্ণ আইনৰ বাবে প্রস্তাৱ গ্রহণ কৰে। দেশখনত ধর্মীয় মৌলবাদ আৰু সুৰক্ষাজনিত সমস্যা বৃদ্ধি হোৱাৰ সময়তে দেশখনৰ সংসদে এই সিদ্ধান্ত লয়। এই আইনৰ অধীনত এতিয়া দেশখনত 'নিকাব' আৰু মুখ ঢাকি ৰখা সকলো কাপোৰ ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছে।

এই বিধেয়কখন এতিয়া কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছায়ুম জৰ্মাট টোকায়েভৰ ওচৰলৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। সুৰক্ষাজনিত কাৰণত দেশখনত 'বোৰ্খা' আৰু 'হিজাব' নিষিদ্ধ কৰা হৈছে বুলি দেশখনৰ চৰকাৰী বিষয়াসকলে কয়। উল্লেখযোগ্য যে মুখত কাপোৰৰ আৱৰণ ৰখাৰ বাবে কোনো ব্যক্তিক চিনাক্ত কৰাত জটিলতাৰ সৃষ্টি হয় বাবেই দেশখনৰ আইন বলৱকাৰী সংস্থাবোৰে জনসাধৰণৰ সুৰক্ষাৰ প্রতি ভাবুকি অনা এই 'নিকাব' নিষিদ্ধ কৰিবলৈ আইন অনাৰ প্ৰস্তাৱ লৈছে।

Share This