বাংলাদেশত কাৰাগাৰতে মৃত্যু হিন্দু নেতাৰ, উপযুক্ত চিকিৎসা প্রদান নকৰাৰ অভিযোগ আৱামী লীগৰ

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক : বাংলাদেশৰ আৱামী লীগৰ জ্যেষ্ঠ হিন্দু নেতা ৰমেশ চন্দ্র সেনৰ শনিবাৰে দিনাজপুৰ জিলা কাৰাগাৰত দেহাৱসান ঘটে। শনিবাৰে পুৱা তেওঁ অসুস্থ হৈ পৰাত কাৰাগাৰ কর্তৃপক্ষই দিনাজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভর্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কাৰাগাৰ কর্তৃপক্ষই প্রকাশ কৰিছে যে সকলোবোৰ আইনী প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতে সেনৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব। 

কাৰাগাৰ কর্তৃপক্ষৰ দায়িত্বহীনতা আৰু উপযুক্ত চিকিৎসা প্রদান নকৰাৰ বাবেই ৮৩ বছৰীয়া বাজনীতিবিদজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। উল্লেখযোগ্য যে দেশখনৰ বর্ষীয়ান হিন্দু নেতাজনক ২০২৪ চনৰ ১৬ আগষ্টত গ্রেপ্তাৰ কৰা হৈছিল। প্ৰাক্তন মন্ত্রী তথা পাঁচবাৰৰ সাংসদ সেনক ভাতৰ পাতৰ পৰাই আৰক্ষীয়ে হাত বান্ধি গ্রেপ্তাৰ কৰি লৈ গৈছিল। অসুস্থজনক প্রথমৰ পৰাই প্রয়োজনীয় চিকিৎসা সেৱা প্রদান নকৰাৰ অভিযোগ কৰিছে বাংলাদেশ আৱামী লীগে। 

বাংলাদেশ ছাত্র লীগৰ সভাপতি ছাদ্দাম হুছেইনে চিকিৎসাজনিত অবহেলাৰ বাবেই সেনৰ মৃত্যু হোৱাৰ অভিযোগ কৰি কয় যে ফেচিষ্ট ইউনুছ চৰকাৰৰ শাসনকালত দেশখনত পদে পদে মানৱ অধিকাৰ উলংঘন হৈছে। যোৱা বছৰৰ পৰা বর্তমানলৈকে দেশখনৰ কাৰাগাৰত ১০৭জন কয়দীৰ মৃত্যু হৈছে। ইয়াৰ বেছিভাগেই হহৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ অথবা হঠাতে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰিছে।

Share This