বাংলাদেশত আকৌ হিন্দু মন্দিৰ লণ্ডভণ্ড

dainik janambhumi September 18, 2025

ডিজিটেল ডেস্ক : দুর্গা পূজাৰ সময়ত বাংলাদেশত সর্বোচ্চ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি দেশখনৰ অন্তৰ্ৱর্তী চৰকাৰখনৰ গৃহ উপদেষ্টা শ্বফিকুল আলমে ঘোষণা কৰাৰ সময়তে কুশ্বটিয়া মন্দিৰত দুষ্কৃতিকাৰীয়ে হিন্দু বিগ্রহ লণ্ডভণ্ড কৰে।

ইউনুছ নেতৃত্বাধীন চৰকাৰখনৰ দিনত চলি অহা হিন্দু বিৰোধী হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ সময়তে বাংলাদেশৰ হিন্দু মন্দিৰটোত দুষ্কৃতিকাৰীয়ে মূৰ্তিবোৰ লণ্ডভণ্ড কৰে আৰু ছিকিউৰিটি কেমেৰাটো চুৰ কৰি নিয়ে।

দুর্গা পূজাৰ আগতে কুশ্বটিয়া জিলাৰ মীৰপুৰ উপ-জিলাত থকা ৰক্ষাকালী মন্দিৰত দেওবাৰে নিশা দুষ্কৃতিকাৰীয়ে এই লণ্ডভণ্ড কৰে।

Share This