জয়পুৰত সম্প্ৰীতিৰ নিদৰ্শন, ঈদৰ নামাজৰ থলীত হিন্দুৱে ছটিয়ালে ফুল

dainik janambhumi March 22, 2026

ডিজিটেল ডেস্ক: সাম্প্রদায়িক সমন্বয়ৰ নিদর্শন দেখুৱাই শনিবাৰে ৰাজস্থানৰ জয়পুৰত ঈদ-উল-ফিটৰ উপলক্ষে এখন ঈদগাহত নামাজ পঢ়ি থকা মুছলমান লোকৰ ওপৰত হিন্দু সম্প্ৰদায়ৰ লোকে পুষ্প বৰ্ষণ কৰে। একতা আৰু উমৈহতীয়া সাংস্কৃতিক বন্ধনত গুৰুত্ব দি 'হিন্দু মুছলিম একতা সমিতি'ৰ বেনাৰত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচীৰ এটা ভিডিঅ' অনলাইনত ভাইৰেল হৈ পৰে আৰু বহু লোকে সামাজিক মাধ্যমত ইয়াৰ প্ৰশংসা কৰে। 

উক্ত একতা সমিতিৰ বিষয়ববীয়া ৰাজেশ কুমাৰ শৰ্মাই সংবাদ এজেঞ্চি এ এন আইৰ আগত কয়, 'সকলোলৈকে ঈদ মোবাৰক। আমি হিন্দু-মুছলিম একতা সমিতিৰ লোক। আমাৰ মাজৰ সমন্বয় অব্যাহত থাকক। এমুঠিমান লোকে বিভেদ সৃষ্টি কৰিবলৈ বিচাৰে আৰু সেয়া ভুল। 'ৰামৰ অবিহনে ৰমজান নহয় আৰু ঈদৰ অবিহনে দেৱালী নহয়।' আমি এই বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰোঁ যে আমি এক।' সামাজিক মাধ্যমত এই বিষয়ৰ ভিডিঅ'ত ইতিবাচক সঁহাৰি জনায়। ইয়াৰে এজনে ইয়াৰ বিষয়ে কয়- 'গৌৰৱান্বিত হ'ব পৰা এখন ভাৰত।' কংগ্ৰেছৰ নেতা পৱন খেৰাই উক্ত ভাইৰেল ভিডিঅ'টোত প্রতিক্রিয়া প্রকাশ কৰি কয়, 'এইখনেই মোৰ ৰাজস্থান। সেয়ে মই ইয়াক লৈ গৌৰৱ কৰোঁ।' আন এজন লোকে কয়, 'হিন্দু আৰু মুছলমানৰ মাজত একতা দেখি আনন্দিত। আনকি যদিও কিছু লোকে এই কথা গ্রহণ কৰিবলৈ টান পাব, তথাপি এইটো হৈছে এক সকাহৰ ক্ষণ। আমাৰ মাজত বহু হিন্দু আছে যি অকৃত্রিমভাৱে ধৰ্মীয় সমন্বয়ত বিশ্বাস কৰে।' 

ইফালে সামাজিক মাধ্যম এক্সত প্ৰচাৰ হোৱা আন এটা ভিডিঅ'ত দিল্লীৰ উত্তম নগৰত ঈদৰ নামাজ পঢ়ি থকা দেখা গৈছে। উক্ত ভিডিঅ'ত সন্মানৰ চিনস্বৰূপে স্থানীয় মুছলমান লোকে আৰক্ষীৰ ওপৰত পুষ্প বৃষ্টি কৰে। এই ভিডিঅ'ৰ দৃশ্যৰ সন্দৰ্ভত এজনে 'প্রকৃত ভাতৃত্ববোধ' আৰু 'প্রকৃত ভাৰত' বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে দুটা গোটৰ মাজৰ সংঘৰ্ষত এই উত্তম নগৰতে শেহতীয়াকৈ আগতে এজন যুৱকৰ মৃত্যু হৈছিল। তাৰ পাছতে ঈদৰ সময়ত অবাঞ্ছিত ঘটনাক বাধা দিবলৈ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছিল আৰু বহু আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছিল।

Share This