বিশ্ব বেডমিন্টনত ভাৰতৰ ইতিহাস

dainik janambhumi October 10, 2025

ডিজিটেল ডেস্ক : ভাৰতে ইতিহাস গঢ়ি পোন প্রথমবাৰলৈ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মিক্সড দলীয় শাখাত পদক জয় নিশ্চিত কৰিছে। গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্সত চলি থকা প্রতিযোগিতাৰ কালি অনুষ্ঠিত প্রায় তিনি ঘণ্টাৰ কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় বাছনিৰ দল ভাৰতে কোৰিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰি এই ঐতিহাসিক গৌৰৱ অর্জন কৰে। বেষ্ট অব খ্ৰীৰ প্ৰথম মেচত ভাৰত ৪৪-৪৫ত পৰাস্ত হয় যদিও শক্তিশালী প্রত্যাৱৰ্তন ঘটাই পৰৱৰ্তী মেচ দুখনত চমকপ্রদভারে ৪৫-৩০, ৪৫-৩৩ত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশৰে কমেও ব্ৰঞ্জ জয় কৰাটো নিশ্চিত কৰিছে। বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টনত ভাৰতে এতিয়ালৈকে ১১টা পদক ছিংগলছত লাভ কৰিছিল যদিও দলীয় ইভেন্টত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশে দলৰ পূৰ্বৰ শ্ৰেষ্ঠ প্রদর্শন আছিল। কিন্তু এইবাৰ অসমত হোৱা প্রতিযোগিতাখনত পদক নিশ্চিত কৰি ভাৰতীয় বেডমিন্টনৰ সোণালী যাত্ৰাৰ ইতিহাসত আৰু এটা গৌৰৱৰ অধ্যায় সন্নিৱিষ্ট কৰিলে। কালি ছেমি ফাইনেলত ভাৰত ইণ্ডোনেছিয়াৰে মুখামুখি হ'ব। ডিফেন্ডিং চেম্পিয়ন দেশখনে কালি কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেক ৪৫-৩৫, ৪৫-৩৫ত হৰুৱায়।

বেষ্ট অব্ খ্ৰীৰ প্ৰথম মেচ আৰম্ভ হয় পুৰুষৰ ডাবলছৰে আৰু ভাৰতৰ ভাৰ্গব ৰাম-বিশ্ব তেজ যুটি কোৰিয়াৰ লী হিৱং-চো হিৱঙৰ বিৰুদ্ধে ৯-৫ ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ পাছত হোৱা মহিলাৰ ডাবলছত ভাৰতৰ ভেনালা আৰু ৰেছিকাই ১০-৯৩ ছেট দখল কৰিলেও কোৰিয়াই ১৮-১৫ৰ পইণ্টৰ ব্যৱধানত আগবাঢ়ি থাকে। তৃতীয় ছেটত পুৰুষৰ ছিংগলছত ভাৰতৰ ৰৌনক চৌহানে পইণ্টৰ ব্যৱধান ২৬-২৭ লৈ হ্রাস কৰে। তেওঁ ছেটটো ১১-৯ত দখল কৰে। কিন্তু মিক্সড ডাবলছ মেচখনত ভাৰতীয় যুটি লালৰামছাংগা আৰু আনিয়া বিষ্টে মাত্ৰ চাৰি পইণ্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ফলত চতুর্থ ছেটৰ অন্তত কোৰিয়াৰ অগ্রগতি ৩৬-৩০ হয়। পঞ্চম তথা মেচ নিৰ্ণয়কাৰী মহিলাৰ ছিংগলছত ভাৰতৰ উন্নতি হুদাই দর্শনীয় খেল খেলিলেও এটা পইণ্টৰ ব্যৱধানত (৪৫-৪৪) ব্যৱধানত ভাৰত পৰাস্ত হয়। উন্নতিয়ে ১৪ পইন্ট লাভ কৰাৰ বিপৰীতে কোৰিয়াৰ শ্বাটলাৰ কিম হানে ৯ পইন্ট অর্জন কৰি প্রথমে ৪৫ পইণ্টৰ লক্ষ্যত দলক উপনীত কৰায় লগতে ১-০ ৰ অগ্রগতি দিয়ে। দ্বিতীয় মেচখনত ভাৰতীয় শ্বাটলাৰে শক্তিশালী প্রত্যাবর্তন ঘটাই পাঁচটা ছেটৰ চাৰিটাই দখল কৰে তথা জয়ৰে ১-১৩ সমতা স্থাপন কৰে। পুৰুষৰ ডাবলছত ভার্গৱ ৰাম আৰু লালৰামছাংগাই ৯-৭ত জয়ী হৈ ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে। দ্বিতীয় ছেটতো ভাৰতৰ ভেনালা আৰু বেছিকাই মহিলাৰ ডাবলছত ৯-৩ত জয়ী হৈ দলক ১৮-১০৩ আগুৱাই ৰাখে। তৃতীয় ছেটৰ পুৰুষৰ ছিংগলছত ৰ'নক চৌহান ৯-১৩ত পৰাস্ত হয় যদিও ভাৰতে ২৭-২৩ৰ অগ্রগতি ধৰি ৰাখে। পৰৱৰ্তী মিক্সড ডাবলছ মেচত লালৰামছাংগাই নতুন সংগী বিশাখাৰ লগত খেলি চতুর্থ ছেট ৯-৪ত দখল কৰাৰ লগতে ভাৰতৰ অগ্ৰগতিৰ ব্যৱধান ৩৬-২৭কৰে। অন্তিম ছেটতো মহিলাৰ শাখাত খেলা উন্নতিয়ে দমনীয় প্রদর্শন আগবঢ়ায় ৯-৩ত দখল কৰাৰ লগতে ভাৰতক ৪৫-৩০ত বিজয়ী কৰোৱায়। 

দ্বিতীয় মেচত অনন্য জয়েৰে সমতা স্থাপন কৰি প্রত্যাৱৰ্তন কৰা ভাৰতে ইতিহাস গঢ়াৰ সন্ধিক্ষণৰ তৃতীয় মেচত অধিক আত্মবিশ্বাস তথা দৃঢ়তাৰে ক'ৰ্টত নামে। ভাৰ্গৰ ৰাম আৰু লালৰামছাংগাই পুৰুষৰ ডাবলছ মেচত ৯-৫ত জয়ৰে দলক প্রত্যাশিত আৰম্ভণি দিয়াৰ পাছত কিন্তু দ্বিতীয় ছেটতো ভাৰতে হেৰুৱাব লগীয়া হয়। মহিলাৰ ডাবলছত ভেনেলা-ৰেশিকা ৭-১৩ত পিছ পৰে। এইবাৰ কোৰিয়াৰ অগ্রগতি ১৮-১৬ হয়। তৃতীয় ছেটত পুৰুষৰ ছিংগলছত ৰ'নক চৌহানে ১১-৪ ত জয়লাভ কৰি ভাৰতক পুনৰ ২৭-২২ৰ অগ্রগতি দিয়ে। ইয়াৰ পৰাই আৰম্ভ হয় ভাৰতৰ অপূৰ্ণ সপোনৰ ঐতিহাসিক বাস্তৱৰ লক্ষ্যপ্ৰাপ্তিৰ যাত্রা। চতুর্থ ছেটত মিক্সড ডাবলছত লালৰামছাংগা আৰু আনায়া বিষ্টে ৯-৭ত জয়ী হৈ ভাৰতৰ অগ্রগতি ৩৬-২৯ কৰাৰ পাছত অন্তিম ছেটতো উন্নতিয়ে ৯-৪ত দখল কৰি ভাৰতক ছেমিফাইনেল আগবঢ়াই নিয়ে।

Share This