ডিজিটেল ডেস্ক : ইৰানৰ পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেনেইৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ কথা দেশখনে ইতিমধ্যে ঘোষণা কৰিছে। সেই সময়তে দেশখনৰ চৰকাৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমে প্রকাশ কৰা এখন হিটলিষ্টে সমগ্র বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইৰানৰ চৰকাৰী বাতৰিকাকত 'হমছহৰী'ৰ প্ৰথম পৃষ্ঠাত এই হিটলিষ্ট প্রকাশ পাইছে। ইয়াত বিশ্বৰ আটাইতকৈ শক্তিশালী ১১জন নেতাই স্থান পাইছে। বাতৰিকাকতখনে অতি আক্রমণাত্মকৰূপে প্ৰকাশ কৰা ইৰানৰ হিট লিষ্টত প্রথম স্থানত আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। ইয়াত ইৰানৰ দ্বিতীয় লক্ষ্যৰূপে দেখুওৱা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। তেওঁলোকৰ উপৰি ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীয়েৰ ষ্টাৰ্মাৰ, আমেৰিকাৰ বিদেশ মন্ত্ৰী পিট হেগছেথ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেব্রু, ইটালিৰ প্ৰধানমন্ত্ৰী জিয়'জিয়া মেলনি আৰু জার্মানিৰ চেঞ্চেলৰ ফ্রেড্রিক মর্জো আছে। এই নেতাসকলক দেশখনৰ প্ৰাক্তন সর্বোচ্চ নেতা আয়াতুল্লা খামেনেইৰ হত্যাৰ বাবে দায়ী কৰা হৈছে। এই কয়দীৰ পোছাকত দেখুওৱা নেতাসকলক চূড়ান্তভাৱে লক্ষ্য কৰি লোৱা হ'ব বুলি কোৱা হৈছে।
ইফালে ইৰাৰ হিট লিষ্ট প্রকাশ পোৱাৰ পাছতে বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ লগতে বিশ্বৰ নেতাসকলৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। ৱাশ্বিংটনৰ পৰা পোৱা বাতৰি মতে, ইৰানৰ পৰা হত্যাৰ ভাবুকি পোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে এটা স্থায়ী আদেশ কৰে। ইয়াৰ জৰিয়তে ট্রাম্পক কোনোবাই হত্যা কৰিলে ইৰানত অতি বিধ্বংসী আক্রমণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁ এনেকুৱা এটা আদেশ জাৰি কৰিছে যে তেওঁক দিয়া ভাবুকি ইৰানে কাৰ্যকৰী কৰিলে তেতিয়া ইৰানক এনেধৰণেৰে বিধ্বস্ত কৰা হ'ব যিটো দেশখনে পূর্বতে দেখা পোৱা নাছিল।