সুগন্ধি অগৰু চুৰি! নগালেণ্ড আৰক্ষীৰ জালত হোজাইৰ জুৱেৰ আহমেদ

dainik janambhumi June 27, 2025

ডিজিটেল ডেস্কঃ  নগালেণ্ড আৰক্ষীৰ জালত পৰিল অসমৰ এজন যুৱক।

ধৃত যুৱকজন  হোজাইৰ কঁঠালপুৰৰ জুৱেৰ আহমেদ।

নগালেণ্ডৰ পৰা কেইবালাখ টকাৰ সুগন্ধি অগৰু চুৰি কৰি অনাৰ  ভয়ংকৰ অভিযোগ উত্থাপিত জুৱেৰৰ বিৰুদ্ধে।

 জুৱেৰ আহমেদে নগালেণ্ডত কর্মৰত অৱস্থাতে অগৰুখিনি চুৰি কৰি অনাৰ অভিযোগ উঠিছে।

জুৱেৰ আহমেদৰ বিৰুদ্ধে চুৰিৰ গোচৰ ৰুজু হৈছিল নগালেণ্ড আৰক্ষীত

পৰৱৰ্তী সময়ত হোজাই আৰক্ষীৰ সহযোগত নগালেণ্ড আৰক্ষীয়ে আটক কৰে হোজাইৰ কঁঠালপুৰৰ যুৱক জুৱেৰ আহমেদক।

বৃহস্পতিবাৰে নিশাৰ ভাগত নগালেণ্ড আৰক্ষীয়ে নিজ জিম্মাত নগালেণ্ডলৈ লৈ যায় জুৱেৰ আহমেদক।

সমগ্ৰ চুৰিৰ ঘটনাটো নস্যাৎ কৰিছে জুৱেৰ আহমেদে।

নগালেণ্ডলৈ পুনৰ কামলৈ ঘূৰি নোযোৱাৰ বাবেহে তেওঁৰ বিৰু্দ্ধে চুৰিৰ অভিযোগ আনিছে বুলি মন্তব্য কৰে জুৱেৰ আহমেদে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This