হোণ্ডাৰ নতুন মটৰ চাইকেল মুকলি

Kakali Deka April 08, 2025

ডিজিটেল ডেস্কঃ দুচকীয়া বাহনৰ ব্ৰেণ্ড হোণ্ডা মটৰ চাইকেল আৰু স্কুটাৰ ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ ভাৰতৰ বজাৰত নতুন ৰূপত মুকলি কৰিছে চি বি ৩৫০ হাইনেছ আৰু চি বি ৩৫০ আৰ এছ মটৰ চাইকেল দুখন।

নতুন ৰঙত উপলব্ধ এই মটৰ চাইকেলখনৰ জৰিয়তে যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে হোণ্ডাই। এটা বিবৃতিত প্রতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে এই মটৰ চাইকেলৰ প্ৰাৰম্ভিক মূল্য হৈছে ২,১০,৫০০ টকা।

ইয়াত সংযোজন কৰা হৈছে ৪টা ষ্ট্র'ক, একক চিলিণ্ডাৰ ইঞ্জিন। গ্ৰাহকৰ সুবিধার্থে প্রতিষ্ঠানটোবে কেইবাটাও ৰঙত মটৰ চাইকেলকেইখন মুকলি কৰে। ইতিমধ্য হোণ্ডাৰ সকলো ডীলাৰত উপলব্ধ মটৰ চাইকেলকেইখন।

Share This