সম্প্ৰসাৰণ কৃষি শিক্ষাৰ ক্ষেত্রত কে ভি কে, গোলাঘাটলৈ সন্মানীয় বঁটা

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক: অসমত বিজ্ঞানসন্মত কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ কৃষি শিক্ষাৰ জৰিয়তে ৰাজ্যখনৰ কৃষি অর্থনীতি সবলীকৰণৰ লগতে কৃষিভিত্তিক আত্মসংস্থাপনৰ নতুন নতুন বাট মুকলি কৰাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে বিগত সময়ত উল্লেখনীয় ভূমিকা গ্রহণ কৰি আহিছে। বিশেষকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ২৩টা কৃষি বিজ্ঞান কেন্দ্রই কৃষি বিশ্ববিদ্যালয়ে উন্নত কৃষি পদ্ধতিৰ ক্ষেত্ৰত উদ্ভাৱন কৰা বিভিন্ন কৃষি প্ৰযুক্তিৰ লগতে বিভিন্ন শস্যৰ অধিক উৎপাদনক্ষম বীজ কৃষকৰ পথাৰলৈ লৈ যোৱা ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। এনে সময়তে সম্প্রতি কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত কৃষি বিঃ বিঃ অধীনৰ গোলাঘাট কৃষি বিজ্ঞান কেন্দ্রলৈ সন্মানীয় 'নাছ ধনুকা ২০২৬' সন্মান আগবঢ়োৱাটো অন্যতম সফলতা ৰূপে চিহ্নিত হৈছে। 

উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাটে কৃষি সম্প্ৰসাৰণ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে সন্মানীয় নাছ ধনুকা বঁটা ২০২৬ (NAAS-Dhanuka Award for Excellence in Agricultural Extension - 2026) লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্রটোক আতাৰি জ'ন-৬, গুৱাহাটীৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্র (Best Krishi Vigyan Kendra (KVK), Zone VI: Guwahati) শাখাত এই সন্মান প্রদান কৰা হ'ব। 

ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমি (NAAS), নতুন দিল্লীয়ে 'ধনুকা এগ্রিটেক লিমিটেড'ৰ সহযোগত প্ৰৱৰ্তন কৰা এই বঁটাৰ জৰিয়তে দেশজুৰি কৃষি সম্প্ৰসাৰণ আৰু কৃষক কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহক স্বীকৃতি প্রদান কৰা হয়। নাছৰ (NAAS) সচিব ড° অশোক কে সিঙে প্ৰেৰণ কৰা এক চৰকাৰী পত্ৰ অনুসৰি, অহা ৫ জুনত নতুন দিল্লীৰ নেশ্যনেল এগ্রিকালচাৰেল ছায়েন্স কমপ্লেক্সত (NASC) অনুষ্ঠিত হ'ব লগীয়া নাছৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই সাফল্য অর্জন কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপজ্যোতি ৰাজখোৱাই অভিনন্দন জ্ঞাপন কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটৰ বিজ্ঞানী, কৰ্মচাৰী আৰু সংশ্লিষ্ট সকলো অংশীদাৰক অভিনন্দন জনাই তেওঁলোকৰ কৰ্তব্যনিষ্ঠা, উদ্ভাৱনীমূলক সম্প্ৰসাৰণ পদ্ধতি আৰু কৃষক সমাজৰ উন্নয়নৰ বাবে কৰা অক্লান্ত পৰিশ্ৰমৰ উচ্চ প্রশংসা কৰে। 

এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে 'আতাৰি জ'ন-৬, গুৱাহাটীৰ '(ATARI, Zone -VI) সঞ্চালক ড° বিদ্যুৎ চন্দন ডেকাই পঠোৱা এক বার্তাত এই সন্মান কেন্দ্রটোৰ উৎকৰ্ষ আৰু কৃষকসেৱাৰ প্রতিশ্রুতিৰ এক জ্বলন্ত নিদর্শন বুলি প্রকাশ কৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী আৰু কৰ্মচাৰীক অভিন্দন আৰু প্ৰশংসা কৰে। এই স্বীকৃতিয়ে কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাটৰ দলটোক ভৱিষ্যতেও অধিক উৎসাহ আৰু নিষ্ঠাৰে কৃষক সমাজৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ অনুপ্রাণিত কৰিব বুলি আশা প্রকাশ কৰা হৈছে। এই সাফল্যই অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ সমূহ বিজ্ঞানী আৰু কৰ্মচাৰীক আনন্দিত কৰিছে।

Share This