ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত কেইবা মাহো ধৰি চলি থকা উত্তেজনা আৰু যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকটৰ পৰা বিশ্বই সকাহ পোৱাৰ ৰেঙনি দেখা পোৱা গৈছে। ইৰানে কালি এই বুলি ইংগিত দিয়ে যে বিশ্বৰ বাবে কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালীৰে জাহাজৰ পৰিবহণ অহা ৩০ দিনৰ ভিতৰত যুদ্ধৰ পূর্বক অৱস্থালৈ উভতি আহিব পাৰে।
ইৰানৰ বাতৰি প্ৰতিষ্ঠান তছনিম নিউজৰ মতে, যোৱা ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰলৈ ইৰানে এনেধৰণৰ ইতিবাচক মন্তব্য দিয়ে। ইৰানৰ এই ঘোষণাৰ পাছত বিশ্বৰ তেলৰ বজাৰ, জাহাজ পৰিবহণ কোম্পানীসমূহৰ লগতে শক্তিৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশবোৰৰ আশা বৃদ্ধি পালে। তছনিম নিউজে প্ৰকাশ কৰা মতে হৰমুজ প্রণালীক লৈ প্ৰাৰম্ভিকভাৱে সন্মত হোৱাৰ দেখা পোৱা গৈছে, কিন্তু ইৰানে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ লগত চুক্তিত উপনীত হ'লেও হৰমুজ প্রণালী সম্পূৰ্ণৰূপে যুদ্ধৰ পূৰ্বৰ স্থিতিলৈ উভতি যোৱাটোক নুসূচায়।
তছনিম বাতৰি প্রতিষ্ঠানে অৱশ্যে পশ্চিমীয়া সংবাদ মাধ্যমত প্রকাশ পোৱা একাংশ বাতৰিক অগ্রাহ্য কৰে। এই বাতৰিত হৰমুজ প্রণালীৰ স্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ পৰিব। বাতৰি প্ৰতিষ্ঠানটোৰ মতে আমেৰিকাৰ সৈতে হ'বলগীয়া সম্ভাব্য চুক্তিৰ পৰিসীমা বৰ্তমান সীমিত। দুয়োখন দেশৰ মাজত হ'বলগীয়া চুক্তিৰ অধীনত ইৰানে অহা এমাহৰ ভিতৰত হৰমুজ প্রণালীৰে অহা-যোৱা কৰা বাণিজ্যিক জাহাজৰ সংখ্যা লাহে লাহে যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ বাহাল কৰাৰ পৰিকল্পনাত সন্মতি জনাইছে।
ইৰানৰ মতে, এই পদক্ষেপে বিশ্বৰ অৰ্থনীতিত সৃষ্টি কৰা সংকটৰ পৰা সকাহ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণে পুনৰ গতি লাভ কৰিব। কিন্তু সুৰক্ষা আৰু কৌশলগত পৰিস্থিতি এতিয়াও পূৰ্বৰ দৰে হ'ব বুলি মানি ল'ব নোৱাৰি। ইফালে ৱাশ্বিংটনৰ পৰা পোৱা বাতৰি মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে আমেৰিকা, ইৰান আৰু সেই এলেকাটোৰ একাংশ দেশৰ সৈতে এক চুক্তিত উপনীত হোৱাটো প্রায় নিশ্চিত হৈছে। ইয়াৰ ভিতৰত হৰমুজ প্রণালী মুকলি কৰি দিয়াও আছে বুলি ট্রাম্পে কয়। ট্রাম্পে লগতে কয় যে এই সম্পর্কত অচিৰেই ঘোষণা কৰা হ'ব। ট্রাম্পে কয় যে ৱাশ্বিংটন আৰু তেহৰানৰ মাজত যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আৰু হৰমুজ প্রণালী পুনৰ খোলাৰ বাবে হ'বলগীয়া চুক্তি চূড়ান্ত পর্যায়ত উপনীত হৈছে। তেওঁ লগতে প্রকাশ কৰে যে চুক্তিৰ চূড়ান্ত দিশ আৰু বিৱৰণসমূহক লৈ আলোচনা অব্যাহত আছে।
হোৱাইট হাউছত ট্রাম্পে কয় যে তেওঁ এই চুক্তিক লৈ ছৌডি আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমান, কাটাৰৰ আমীৰ তমিম বিন মহম্মদ আল ধানী, ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন বিন জায়দ আল নাহয়ান, পাকিস্তানৰ সেনা প্রধান জেনেৰেল আছিম মুনীৰ, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেছেপ তৈয়প এর্দোগান, জর্ডান ৰজা আব্দুল্লা, বাহৰেইনৰ ৰজা হানাদ বিৱ ইছা আল খলিফাৰ লগত আলোচনা কৰে। ইয়াৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে সুকীয়াকৈ আলোচনা কৰে বুলিও প্রকাশ কৰে ট্রাম্পে। নেতান্যাহুৰ সৈতে কৰা আলোচনাত ট্রাম্পে কয় যে ইজৰাইলৰ প্ৰতি সৃষ্টি হোৱা যিকোনো ভাবুকিৰ মোকাবিলা কৰাত দেশখনক আমেৰিকাই সমর্থন জনাব।
ইফালে ইৰানৰ সমৃদ্ধ ইউৰেনিয়াম তথা পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰসংগত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। এই সম্পৰ্কত চূড়ান্ত চুক্তিৰ সময়ত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব। অৱশ্যে ইৰানে পাৰমাণৱিক কার্যসূচী তথা সমৃদ্ধ ইউৰেনিয়াম দেশৰ বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে বুলি স্পষ্ট কৰি দিয়ে।