সন্ত্রাসবাদীৰে যুঁজি জীৱন দিলে ঘোঁৰাচালক আদিল হুছেইনে

dainik janambhumi April 24, 2025

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বায়চৰণ ঘাঁহনি পথাৰৰ প্ৰাকৃতিক সৌন্দৰ্যক 'মিনি ছুইজাৰলেণ্ড' হিচাপেও জনা যায়। কিন্তু এই সৌন্দৰ্যভূমিতেই মঙলবাৰে হত্যালীলা চলালে পাষাণ সন্ত্রাসবাদীবোৰে। পহলগামৰ বায়চৰণ ঘাঁহনি পথাৰত ঘোঁৰাচালক হিচাপে কাম কৰিছিল চৈয়দ আদিল হুছেইন শ্বাহে। 

ঘোঁৰাচালকজনে হোটেলৰ কাৰ পাৰ্কিঙৰ পৰা ঘাঁহনি পথাৰলৈ ঘোঁৰাৰে পৰ্যটক কঢ়িওরা কাম কৰিছিল। অন্য দিনৰ দৰেই কালিও ঘোঁৰাচালক চৈয়দ আদিলে পর্যটক কঢ়িওরা কামত নিয়োজিত হৈছিল। কাৰণ এতিয়া সমগ্র কাশ্মীৰতে পর্যটকে ভিৰ কৰাৰ সময়। চৈয়দে ভাবিছিল যে তেওঁ গোটেই দিনটোত ভালেখিনি উপাৰ্জন কৰিব। কিন্তু নিয়তিৰ কি পৰিহাস! পর্যটকসকলক ঘোঁৰাত উঠাই লৈ গৈ থকাৰ সময়তে নির্দয় সন্ত্রাসবাদীবোৰে তেওঁলোকক লক্ষ্য কৰি গুলীয়াবলৈ ধৰে। 

এজন এজনকৈ পর্যটকক লক্ষ্য কৰি সন্ত্রাসবাদীবোৰে গুলীয়াবলৈ আৰম্ভ কৰিছিল আৰু ধর্ম সুধি হত্যাযজ্ঞ চলোৱাৰ সময়ত ঘটনাস্থলীত এজন কাশ্মীৰী মুছলমান যুৱক আছিল আৰু সেইজনেই আছিল ঘোঁৰাচালক চৈয়দ আদিল। পর্যটকসকলক গুলীওৱাৰ সময়তে ঘোঁৰাচালক চৈয়দে সন্ত্রাসবাদীবোৰক পাৰ্যমানে বাধা দিছিল। কিন্তু নিষ্ঠুৰ সন্ত্রাসবাদীবোৰে খাটি খোৱা নিৰীহ ঘোঁৰাচালক চৈয়দকো ৰেহাই নিদিলে। সন্ত্রাসবাদীৰ গুলীত নিহত হ'ল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী চৈয়দ। চৈয়দ আদিলৰ পিতৃ হাইদৰ শ্বাহে কয় যে তেওঁলোকৰ ঘৰখনৰ একমাত্ৰ ভৰসা চৈয়দ আদিলক নিষ্ঠুৰ সন্ত্রাসবাদীয়ে হত্যা কৰিলে।

Share This