HS পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক

Rashmi April 30, 2025

ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক। এইবাৰৰ ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ।

এইবাৰৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক।  কলা শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৮.৪২ শতাংশ, তাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮২.৯৫ শতাংশ।

বাণিজ্য শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮২.০৮ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮২.৪০ শতাংশ। বিজ্ঞান শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৪.৩৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৪ শতাংশ। 

ভ’কেচনেল শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.৫৩ শতাংশ, ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৩৯ শতাংশ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This