ডিজিটেল ডেস্ক: হাতত গোলাপ ফুল লৈ এইবাৰ ৰাজপথত ওলাল এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী। বাইক আৰোহীলৈ পোনপটীয়া প্ৰশ্ন কণ কণ শিশুসকলৰ।
আপোনালোকে কিয় হেলমেট পৰিধান কৰা নাই ? নিজৰ পৰিয়াল-সন্তানক আপোনালোকে মৰম নকৰে নেকি? কণ কণ ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰশ্নত নিৰ্বাক হৈ পৰে বাইক আৰোহীসকল। অকপট ভুল স্বীকাৰ কৰাই নহয়, এনে ভুল আৰু নকৰাৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে।
আচলতে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মৃত্যু হৈছে বহু যুৱকৰ। অনাথ হৈছে বহু শিশু। ধ্বংস হৈছে বহু পৰিয়ালৰ সপোন।
তিনিদিন পূৰ্বে একেদিনাই ৪ জন লোকৰ মৃত্যু হৈছিল তীব্ৰ গতিৰ বাবেই। যিটো ঘটনাই হোজাই জিলাখনক জোকাৰি গৈছিল। এনে হৃদয়বিদাৰক ঘটনাই এইসকল কণমানিৰো অন্তৰ বেদনাগধুৰ কৰি তোলাত অৱশেষত ৰাজপথলৈ ওলাই আহিল তেওঁলোক।
বাইক আৰোহীসকলক ছাত্ৰ-ছাত্ৰীসকলে অনুৰোধ কৰে যে হেলমেট নোহোৱাকৈ বাইক নচলাব। তীব্ৰ গতিত বাইক নচলাব।
প্ৰাগ নিউজ ডিজিটেল