ডিজিটেল ডেস্ক : বাংলাদেশত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ আৱামী লীগৰ ১২৩জন লোকক বাছি বাছি হত্যা কৰাৰ অভিযোগত দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতত (আই চি চি) অভিযোগ দাখিল কৰিব মানবাধিকাৰ সংগঠনে। এই অভিযোগ দাখিল কৰিব মানবাধিকাৰ গোট ৰাইটছ এণ্ড ৰিস্ক এনালিছিছ গ্রুপে (আৰ আৰ এ জি)।
আৰ আৰ এ জিয়ে এই বুলি কয় যে ইউনুছৰ শাসন কালত বাংলাদেশত আৱামী লীগৰ ১২৩জন সদস্যক হত্যা কৰা হৈছে। ইয়াৰে ৪৩জনক তালিবানী শৈলীত ডিঙি কাটি হত্যা কৰা হয়। সংগঠনটোৰ সঞ্চালক সুহাস কয় চাকমাই যে এই হত্যাকাণ্ডবোৰৰ বাবে প্রধান উপদেষ্টা ইউনুছ আৰু গৃহ বিভাগৰ দায়িত্বত থকা উপদেষ্টা জাহাংগীৰ আলম চৌধুৰী দায়ী। আৱামী লীগৰ সদস্যক বাছি বাছি হত্যা কৰাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত অভিযোগ দাখিল কৰা হ'ব। এই হত্যাকাণ্ডবোৰক লৈ আই চি চিত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হ'ব।
তেওঁ কয় যে এই বিলাক ২০০৭-০৮ত কেনিয়াৰ নিৰ্বাচনী হিংসাৰ সময়ত হোৱা মানৱতাৰ বিৰুদ্ধে অপৰাধৰ সমান। কেনিয়াৰ উক্ত নির্বাচনী হিংসাৰ আই চি চিয়ে তদন্ত কৰোৱাইছিল।