'বাবৰি মছজিদ' নিৰ্মাণ কৰা হুমায়ুন কবিৰৰ দুটা সমষ্টিত জয়লাভ

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বেলডাংগাত বাবৰি মছজিদৰ প্ৰতিৰূপ নিৰ্মাণ কৰি দেশজোৰা বিতৰ্কৰ সৃষ্টি কৰা ৰাজনীতিক হুমায়ুন কবিৰে সোমবাৰে ঘোষিত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত দুটা সমষ্টিত জয়লাভকৰিবলৈ সক্ষম হয়। বাবৰি মছজিদ বিতৰ্কৰ বাবে তৃণমূল কংগ্ৰেছৰ পৰা যোৱা বছৰ ডিচেম্বৰত নিলম্বিত হোৱা কবিৰে আম জনতা উন্নয়ন পার্টি (এ জে ইউ পি) নামেৰে এটা নতুন দল খুলি এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেওঁ নিজে মুৰ্ছিদাবাদ জিলাৰ নাওদা আৰু ৰেজিনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। 

নাওদা সমষ্টিত তেওঁ ২৭,৯৪৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। কবিৰে ৮৬,৪৬৩টা ভোেট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ ৰাণা মণ্ডলে ৫৮,৫২০টা ভোটহে লাভ কৰে। ইফালে, ৰেজিনগৰ সমষ্টিত কবিৰে ৫৮,৮৭৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ১,২৩,৫৩৬টা ভোেট লাভ কৰাৰ বিপৰীতে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ বাপন ঘোষে ৬৪,৬৬০টা ভোটহে লাভ কৰে। 

নির্বাচনী প্ৰচাৰ অভিযানৰ মাজতে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছীৰ এক গুৰুতৰ অভিযোগেও কবিৰক বিতৰ্কৰ মাজলৈ আনিছিল।

Share This