ডিজিটেল ডেস্কঃ ইজৰাইলী সামৰিক বাহিনীয়ে যুদ্ধ 'বিৰতি প্ৰত্যাহাৰ কৰি গাজাত মঙলবাৰৰ নিশাৰ পৰা প্ৰবল বিমান আক্রমণ চলায় আৰু ইয়াৰ ফলত মহিলা তথা শিশুকে ধৰি ১০৪জন লোকৰ মৃত্যু হয়।
আনহাতে আহত হয় ২৫৩জন। যোৱা ১০ অক্টোবৰত যুদ্ধ-বিৰতি আৰম্ভ হোৱাৰ পাছত এয়া আছিল আটাইতকৈ মাৰাত্মক আক্রমণ। হামাছে যুদ্ধ-বিৰতি চুক্তি উলংঘা কৰিছে বুলি অভিযোগ কৰি ইয়াৰ আগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে কৈছিল যে তেওঁ সামৰিক বাহিনীক 'শক্তিশালী আক্রমণ' চলাবলৈ নির্দেশ দিছে।
উল্লেখযোগ্য যে হামাছে কৈছিল যে আন এজন পণবন্দীৰ মৃতদেহ উভতাই দিয়াত তেওঁলোকে পলম কৰিব। ইফালে ইজৰাইলৰ আক্রমণক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সমর্থন জনায়। গাজাৰ আটাই তকৈ দক্ষিণৰ মহানগৰ ৰাফাত হামাছে এজন ইজৰাইলী জোৱানক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ কথা কৈ তেওঁ ইজৰাইলৰ আক্ৰমণ যুক্তিসংগত বুলি কয়। অৱশ্যে হামাছে যুদ্ধ-বিৰতি চুক্তি উলংঘা কৰি তেওঁলোকে তেনে গুলীচালনাত জড়িত হোৱা নাই বুলি জনায়।