ডিজিটেল ডেস্ক : উজনি অসমৰ তিনিখন জিলা ক্রমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত এতিয়া আঁতৰা নাই প্রলয়ংকৰী বানৰ বিভীষিকা। শ শ গাঁৱৰ বহু লক্ষাধিক লোক এতিয়াও জলবন্দী হৈ আছে। বিশুদ্ধ খোৱাপানী, খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। উজনি অসমৰ বানৰ এই ভয়াৱহ ছবিখন নতুন নহয়। বানৰ এই ভয়াৱহ ছবি প্ৰতিবছৰে অসমৰ কোনোবা নহয় কোনোবা জিলাত দেখা পোৱা যায়েই। এইবছৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট হ'ল, অহা বছৰ হয়তো অন্য জিলাত হ'ব।
উজনি-নামনিৰ প্রায় প্রতিখন জিলাতেই কোনোবা এটা বছৰত বানে প্রলয় সৃষ্টি কৰি আহিছে । অসমত বানৰ তাণ্ডৱ যুগ যুগ ধৰি চলি আহিলেও ৰাজ্যখনত বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ আজিলৈকে কোনো ব্যৱস্থা গঢ় লৈ নুঠিল। প্রতিবছৰে বানপানী হয়, অজস্র ক্ষতিসাধন হয়। চৰকাৰে যি যৎসামান্য সাহায্য প্রদান, উদ্ধাৰ অভিযান চলায় সেয়াই পৰিলক্ষিত হৈ আহিছে। বানপানীক যদিও ৰুধিব নোৱাৰে কিন্তু ইয়াৰ পৰা হ'ব পৰা ক্ষয়-ক্ষতি ৰোধৰ বাবে কি কি ব্যৱস্থা লৈছে সেয়াহে প্রকৃত কথা। কাৰণ প্ৰতিবছৰে সৃষ্টি হোৱা বানপানীৰ বাবে জনপ্রাণীকে আদি কৰি সা-সম্পত্তি, খেতি-বাতিৰ ব্যাপক ক্ষতিসাধন হয়।
চৰকাৰৰ এক তথ্য মতে, ২০২০ চনত অসমত বানপানী আছিল ৪টা, ক্ষতিগ্রস্ত জিলা ৩০খন, ক্ষতিগ্রস্ত গাঁও ৫,৪৭৫খন, ক্ষতিগ্রস্ত লোক প্রায় ৫৭.৯ লাখ। আনহাতে, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৫জন। অসমৰ ইতিহাসত ই অন্যতম বৃহৎ বান দুৰ্যোগৰ ঘটনা আছিল। ২০২০ চনৰ বান কভিড-১৯ মহামাৰিৰ সময়তে হৈছিল, যাৰ ফলত উদ্ধাৰ আৰু সাহায্য কার্য বিশেষভাৱে জটিল হৈ পৰিছিল। ২০২১ চনত অসমত বানৰ প্রকোপ আছিল ৩টা। ২০২০ চনৰ তুলনাত বানৰ প্ৰভাৱ কম আছিল যদিও বানৰ সমস্যা সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাছিল। চৰকাৰী পৰিসংখ্যা মতে ২০২১ চনত ২৮খন জিলা ক্ষতিগ্রস্ত হৈছিল। মুঠ ৯৬টা ৰাজহ চক্রত ক্ষতিগ্রস্ত হৈছিল। ক্ষতিগ্রস্ত গাঁৱৰ সংখ্যা আছিল ২,৪৪২খন। ক্ষতিগ্রস্ত লোকৰ সংখ্যা ৯,০৯,৭১৮জন। বানজনিত কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ৮জন। চৰকাৰী তথ্যৰ ভিত্তিত ২০২২ চন অসমৰ বাবে সাম্প্ৰতিক সময়ৰ অন্যতম ভয়াৱহ বানৰ বছৰ আছিল। প্রাক্-বর্ষা আৰু দক্ষিণ-পশ্চিম মৌচুমী বৰষুণৰ ফলত এপ্ৰিলৰ আৰম্ভণিৰ পৰা অক্টোবৰলৈকে একাধিক বানৰ ঢৌ আহিছিল। সামগ্রিক চৰকাৰী পৰিসংখ্যা মতে প্রভাৱিত জিলা ৩৫খন। প্ৰভাৱিত ৰাজহ চক্ৰ ১৫৬টা। প্ৰভাৱিত গাঁও ১০,১০৬খন। মুঠ প্রভাৱিত লোক ৮৮,৫০,৬৮৬জন। বানজনিত কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮১জন। সাহায্য শিবিৰ আৰু আশ্রয় কেন্দ্র আছিল ৪,০৯৭টা। সাহায্য শিবিৰত আশ্রয় লোৱা লোকৰ সংখ্যা আছিল ৭,৪৩,৫২৮জন। ক্ষতিগ্রস্ত কৃষি ভূমি ২.৪৬ লাখ হেক্টৰ। মুঠ ক্ষতিগ্রস্ত পথ ৫,৩৭০টা। ক্ষতিগ্রস্ত তথা ভাঙি যোৱা মথাউৰি ৪৩টা। বান আৰু ভূমিস্খলন লগ লগাই ১৮১জনৰ মৃত্যু হৈছিল।
২০২৩ চনত চৰকাৰী তথ্যৰ ভিত্তিত অসমত ৩টা বানৰ ঢৌ আহিছিল। প্ৰভাৱিত জিলা ৩০খন। বান প্রভাৱিত গাঁও ৪,৭১৬খন। মুঠ প্ৰভাৱিত লোক ১৩.৪৭লাখ। ক্ষতিগ্রস্ত ভূমি প্রায় ২১ হাজাৰ হেক্টৰ। ২০২৪ চনৰ বানৰ চূড়ান্ত চৰকাৰী পৰিসংখ্যা মতে প্রভাৱিত জিলা ৩৫খন। প্রভাৱিত গাঁও ৭,৭৯৪খন। মুঠ প্ৰভাৱিত লোক৪২.৯৫ লাখ। বানজনিত কাৰণত মৃত্যু হোৱা লোক ৫২জন। ক্ষতিগ্রস্ত কৃষি ভূমি প্রায় ১.০৩ লাখ হেক্টৰ। ২০২৫ চনৰ বানৰ চৰকাৰী তথ্য বর্তমানেও পূর্ণাংগ ৰূপত বার্ষিক প্রতিবেদন হিচাপে প্রকাশ হোৱা নাই। ২০২৫ চনৰ অসমৰ বানত সৰ্বাধিক প্রভাৱিত জিলা ১৯খন। সর্বাধিক প্রভাৱিত লোক প্রায় ৩.৬৪ লাখ। সাহায্য শিবিৰত আশ্রয় লোৱা লোক ৪১ হাজাৰৰো অধিক। প্লাৱিত হোৱা গাঁও ১,৪৩৩খনৰো অধিক। প্লাৱিত কৃষি ভূমি প্রায় ১৯,০০০ হেক্টৰ।
উল্লেখযোগ্য যে চলিত বর্ষত কিমান ক্ষয়-ক্ষতি হৈছে সেয়া বানৰ প্ৰকোপৰ পাছতহে প্রকৃত তথ্য পোৱা যাব। হ'লেও চলিত বৰ্ষৰ বানে যে পূৰ্বৰ তুলনাত কেইবাগুণো বেছি ক্ষতিগ্রস্ত কৰিছে সেয়া সহজেই অনুমান কৰিব পাৰি। অসমত প্ৰতিবছৰে বানে বিস্তৰ ক্ষতিসাধন কৰাৰ পাছতো কেন্দ্রীয় চৰকাৰে আজিলৈকে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গুৰুত্ব প্রদান নকৰিলে। অসমে বানত হোৱা ক্ষতিগ্রস্তৰ বাবে কেন্দ্ৰৰ পৰা যিমান অৰ্থ বিচাৰে তাৰ তুলনাত এপাচি শাকত এটা জালুকৰ দৰে হয়গৈ। চৰকাৰী তথ্য মতে ২০২২-২৩ বর্ষত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছিল ১,৩০৯.৫০ কোটি টকা। কেন্দ্ৰীয় উচ্চস্তৰীয় সমিতিয়ে ৫২০ কোটি টকা অনুমোদন কৰিছিল। কিন্তু প্রকৃততে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা ১৬০.৯৩৬ কোটি টকাহে মুকলি কৰি দিছিল।
২০২৩-২৪ত অসমে বিচাৰিছিল ১১৭ কোটি টকা। তাৰে ৭৩.৯৮ কোটি টকা অনুমোদন হৈছিল। কিন্তু পালে শূন্য। ২০২৪-২৫ চনত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছিল ২৩৭৭.৩৮ কোটি টকা। উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনায় ৩১৩.৬৯ কোটি টকা আৰু অসমে পায় ২৯.০২ কোটি টকা। ইয়াৰ পৰা বুজা যায় যে অসমে দাবী কৰা ধনৰ মাথোঁ ১৩ শতাংশমানহে উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনায়। কিন্তু তাৰে আকৌ ১.২ শতাংশ মানহে অসমে লাভ কৰেগৈ। অসমৰ এই পুতৌজনক অৱস্থা বছৰ বছৰ ধৰি চলি আহিছে। অসম এখন বান প্ৰভাৱিত ৰাজ্য হোৱা সত্ত্বেও বানৰ সময়ত ল'বলগা সাৱধানতা, উদ্ধাৰ অভিযানকে আদি কৰি ক্ষয়-ক্ষতি হ্রাস কৰিবলৈ কোনোধৰণৰ দীৰ্ঘম্যাদী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই।