ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম এলাদি গাঁও আৰু ইয়াৰ আশে-পাশে থকা বিস্তীর্ণ খেতিপথাৰত এক ভয়ংকৰ আৰু চিন্তাজনক কপৌ চৰাই নিধনকার্য চলি আছে। প্রতিদিনে হাজাৰ হাজাৰ কপৌ চৰাই নিধন কৰি স্থানীয় বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই নিষ্ঠুৰ কাৰ্যত কেৱল কপৌ চৰায়ে নহয়, শালিকা, চিলনী আদি প্ৰজাতিৰ নির্দোষী চৰায়ো ফান্দ পাতি ধৰি আহিছে।
চৰকাৰী প্রশাসন নির্বাচনী ব্যস্ততাত জড়িত থকাৰ সুযোগ গ্রহণ কৰি দুষ্কাৰ্যৰ লগত জড়িত একাংশ লোকে নির্ভয়ে এই নিধন যজ্ঞ চলাই থকা বুলি অভিযোগ উত্থাপিত হৈছে। এই পৰিস্থিতি দেখি উদ্বিগ্ন হৈ নৱজিত নাথ, প্রণৱ দাস, বিজয় নাথ আৰু ৰঞ্জিত নাথ আদি প্রকৃতিপ্রেমীয়ে ঘটনাস্থলীত উপস্থিত হৈ ফান্দ পতা আৰু চৰাই নিধন বন্ধ কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকে এই অবৈধ কার্যত জড়িত লোকসকলৰ তীব্র প্রতিৰোধৰ সন্মুখীন হয়। প্রথম অৱস্থাত প্রকৃতি প্রেমীসকলক আক্ৰমণ কৰাৰো চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পাছত সাংবাদিক উপস্থিত হৈ কেমেৰা চলোৱা দেখি ঘটনাস্থলীত থকা চিকাৰীসকলে ইতিমধ্যে নিধন কৰা চৰাইসমূহ লৈ পলায়ন কৰে।
সাংবাদিক তথা প্রকৃতিপ্রেমী নৱজিত নাথৰ কেমেৰাত সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হোৱা বুলি জনা গৈছে, যিয়ে এই ঘটনাৰ এক গুৰুত্বপূর্ণ প্রমাণ হিচাপে পৰিগণিত হ'ব পাৰে। ইতিমধ্যে এই অবৈধ চিকাৰ কাৰ্যৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তিক চিনাক্ত কৰা হৈছে। তেওঁলোকৰ ভিতৰত আছে- মাচিৰ দেৱান (৪২), নায়েবুদ্দিন আলী (৩৫), আলেপ খান (৩০), হুছেইন খান (২৭), ফাজেল আলী (৩৫), আফজল আলী (৪৬), ৰহিম আলী (৪৫), বাহাৰুদ্দিন (৫০), বাজিবুল আলী (২৫), জেহেৰ খান (৪০) আদি।
উল্লেখযোগ্য যে এইসকলৰ উপৰি আন বহু লোক এই কার্যত জড়িত থকাৰ সন্দেহ কৰা হৈছে। প্রকৃতিপ্রেমী আৰু সচেতন মহলে এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দি তৎক্ষণাত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে। প্রকৃতিপ্রেমীসকলৰ মতে, এনেদৰে অবাধে চৰাই নিধন চলি থাকিলে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ'ব আৰু জৈৱ-বৈচিত্র্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব। স্থানীয় ৰাইজে চৰকাৰ আৰু প্ৰশাসনক এই ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ লগতে ভবিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নোহোৱা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে।