মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ

Rashmi July 12, 2025

ডিজিটেল ডেস্ক : আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই  বাল্টিয়ে বাল্টিয়ে গাখীৰেৰে গা ধুই আনন্দ উল্লাস কৰিলে স্বামীয়ে। আনন্দত মতলীয়া স্বামীয়ে ক'লে- আজিৰ পৰা মই মুক্ত । লগত ছোৱালীজনীও নিলে পত্নীয়ে । ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাত।

এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমত পৰি পলাই গৈছিল পত্নী । পৰকীয়া প্ৰেমত সকলো এৰি নিতৌ নিজৰ স্বামী সন্তান এৰি প্ৰেমিকৰে পলাই যোৱা ঘটনা বৃদ্ধি পাব ধৰিছে এইখন অসমত।  বহুতো পুৰুষে কেতিয়াবা সংবাদ মাধ্যমৰ যোগে ওভতাই বিচাৰে পত্নীক । কিন্তু এইবাৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত ঘটিছে এক আজৱ ঘটনা । পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ পাই আনন্দ উল্লাস এজন স্বামীৰ । এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনীভাৱে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এজন স্বামী।

বাল্টিয়ে বাল্টিয়ে গাখীৰ লৈ গা ধুই মুক্ত মনেৰে কেমেৰাৰ সন্মুখত কলে "আজিৰ পৰা মই মুক্ত ।" চাৰিটা বাল্টিত ৪০ লিটাৰ গাখীৰ লৈ গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মাণিক আলীয়ে । এই ঘটনা সংঘটিত হৈছে মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰলিয়াপাৰত । স্বামীৰ ভাষ্য অনুসৰি , পত্নীয়ে অন্য পুৰুষৰ সৈতে বাৰে বাৰে পৰকীয়া প্ৰেমিকৰে পলাই গৈ থাকে । পত্নীক বাধা দি ৰাখিব নোৱাৰে মাণিক আলীয়ে ।

কিন্তু মাণিক আলীয়ে কন্যা সন্তান এটি থকাৰ হেতুকে বাৰে বাৰে পত্নীৰ সকলো ভুল ক্ষমা কৰি আঁকোৱালি লৈ আহিছিল যদিও পত্নীয়ে সেই একে ভুলে বাৰে বাৰে কৰি আহিছিল । যাৰ বাবে দুয়ো আইনৰ কাষ চাপিবলগীয়া হৈছিল। আৰু অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হয় । বিবাহ বিচ্ছেদৰ আনন্দত স্বামীয়ে ৪০ লিটাৰ গাখীৰে গাই ধুই ক'লে 'আজিৰ পৰা মই মুক্ত' । মুক্ত বুলি মত প্ৰকাশ কৰি মাণিক আলীয়ে ক'লে- পত্নী  বাৰে বাৰে গৈ থকাত মোৰ জীৱনত বোজা হৈ আছিল ।

 

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This