ডিজিটেল ডেস্ক: বাৰিষা কালত এইবাৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাভাৱিক অৱস্থাতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কালি এইদৰে কয়। বতৰ বিজ্ঞান বিভাগে কালি কয় যে চলিত বছৰত জুনৰ পৰা ছেপ্টেম্বৰলৈ বাৰিষাৰ কালছোৱাত দেশৰ অধিকাংশতে স্বাভাৱিক অৱস্থাতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে উত্তৰ-পশ্চিম, উত্তৰ-পূৰ্বাঞ্চল, দক্ষিণ উপদ্বীপৰ পশ্চিম অংশ আৰু পূব-মধ্য ভাৰতৰ অঞ্চলসমূহৰ লগতে পূব ভাৰতৰ একাংশত স্বাভাৱিকৰ পৰা স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেশৰ বিভিন্ন সমতাপ মণ্ডলৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতহে স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাৰিষা কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলত ৯৬-১০৪% বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে উত্তৰ-পশ্চিম ভাৰতত গড়ে ৯২%তকৈ কম, মধ্যভাৰত আৰু দক্ষিণ উপদ্বীপ অঞ্চলত গড়ে ৯৪%তকৈ কম বৰষুণ হ'ব বুলি কোৱা হৈছে।
আনহাতে, বাৰিষাকালত সমগ্র দেশত গড় হিচাপত ৯০-৯৫% বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে কৃষিৰ ক্ষেত্ৰত প্ৰধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰশীল মধ্য, পশ্চিম আৰু পূব ভাৰতত স্বাভাৱিক অৱস্থাত কম বৰষুণ অৰ্থাৎ ৯৪%তকৈ কম বৰষুণ হ'ব। ইয়াৰ ফলত এই খণ্ডটোত ইতিমধ্যে সৃষ্টি হোৱা সংকটে অধিক গভীৰ ৰূপ ল'ব পাৰে। আই এম ডিৰ মতে, এই বছৰ কম বৰষুণ হোৱা দক্ষিণ-পশ্চিম মৌচুমীৰ সম্ভাৱনা ৬০% আৰু একেবাৰে কম বৰষুণ হোৱাৰ সম্ভৱনা ২৪%।
সামগ্রিকভাৱে স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱনা ৮৪%। ইফালে মিজোৰাম, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ, পঞ্জাব, হিমাচল প্রদেশ, পশ্চিম বংগকে ধৰি আন কেইখনমান ৰাজ্যত দিনৰ ভাগৰ তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ কম হ'ব। আনহাতে, ওড়িশা, ছট্টিশগড় আৰু অন্ধ্র প্রদেশৰ একাংশতহে নিশাৰ ভাগত তাপমাত্রা হ্রাস পাব। বাকী অঞ্চলবোৰত স্বাভাৱিক অৱস্থাতকৈ অধিক হ'ব। আই এম ডিৰ মতে, এই বছৰ এল নিন'ৰ প্ৰভাৱ ভাৰতত পৰিব পাৰে।